Majuli ferry Services: পুনৰ চলিল কমলাবাৰীৰ পৰা নিমাতীঘাটলৈ ফেৰী

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 1:17 PM IST

thumbnail

মাজুলী, 1 ছেপ্তেম্বৰ : পুনৰ আৰম্ভ হ’ল কমলাবাৰী নিমাতী ফেৰী সেৱা । আজিৰে পৰা নিয়মীয়াভাৱে চলিব অফলামুখৰ ফেৰী সেৱা ৷ পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ফেৰী ৰখোৱা ৰেম্পসমূহতো পানী ক্ৰমাৎ শুকাবলৈ ধৰিছে ৷ সেয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগে আজিৰে পৰা কমলাবাৰী নিমাতী ফেৰী সেৱা আৰম্ভ কৰিছে ৷

আজিৰে পৰা নিয়মীয়াকৈ চলিব কমলাবাৰীৰ পৰা নিমাতীলৈ ফেৰী সেৱা ৷ কমলাবাৰী ঘাটৰ পৰা পুৱা 7 বজাৰ আৰম্ভ হৈছে ফেৰী সেৱা । ফেৰী সেৱা আৰম্ভ হোৱাৰ লগে লগেই পাৰাপাৰ হ’বলৈ অহা যাত্ৰীয়ে ভিৰ কৰিছেহি পাৰঘাটসমূহত । স্বস্তিৰ নিশ্বাস এৰিছে এতিয়া ৰাইজে ৷

সকলোৰে জ্ঞাত যে, ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে ফেৰী ৰাখোৱা ৰেম্পসমূহ বুৰাই পেলাইছিল ৷ ফলত বিগত দেওবাৰৰ পৰাই বন্ধ হৈ আছিল মাজুলী-নিমাতী আৰু কমলাবাৰী-নিমাতী সংযোগী ফেৰী সেৱা ।

বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে আজিৰ পৰা পুনৰ কমলাবাৰী নিমাতী ফেৰী সেৱা আৰম্ভ হৈছে ৷ ইফালে কালি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হয় আফলামুখ নিমাতী ফেৰী সেৱা ।

লগতে পঢ়ক : Majuli ferry Services: মাজুলীলৈ পুনৰ ফেৰী চলিল; স্বস্তিৰ নিশ্বাস ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.