Durga Puja 2023: মহাঅষ্টমী নিশা লোকাৰণ্য যোৰহাটৰ ৰাজপথ

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 7:11 AM IST

Updated : Oct 23, 2023, 11:48 AM IST

thumbnail

যোৰহাট, 23 অক্টোবৰ : দেওবাৰে নিশা যোৰহাটৰ বিভিন্ন পূজা মণ্ডপত লোকাৰণ্য হৈ পৰে ৷ মহাঅষ্টমীৰ নিশা মা দেৱী দুৰ্গাৰ আশীষ ল’বলৈ ভক্তপ্ৰাণ ৰাইজে পূজা মণ্ডপত ভিৰ কৰিছে ৷ মহা অষ্টমীৰ নিশা যোৰহাটৰ মূল স্থান গড় আলিত পূজাপ্ৰেমী ৰাইজে ভিৰ কৰে ৷ 

গড়আলি লৈ নাহিলে যোৰহাটত পূজা চোৱাৰ মাদকতা নাথাকে, যি স্থানতে ৰাইজে পূজা নাচাওক কিন্তু গড়আলিলৈ এপাক নহাকৈ নাথাকে, গড়আলি লৈ এপাক নামাৰিলে পূজা চোৱাৰ মাদকতা নাথাকে ৷ কোলাত কণমানি কেচুঁৱা লৈ পুজা চাবলৈ আহিছে ৰাইজে ৷

আনহাতে আন এক উল্লেখনীয় কথা যে, যোৰহাটত সকলো ধৰ্মাৱলম্বী লোক তথা ইছলাম ধৰ্মীলোকে পূজা মণ্ডপত গৈ মাৰ আশীষ লয় ৷ এইয়া ভাতৃত্ববোধ এক অন্যতম চানেকি । উল্লেখ্য যে, ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱক লৈ সকলোৰে মাজত দুগুণ উৎসাহ দেখিবলৈ পোৱা গৈছে, ইয়াৰ সমান্তৰালকৈ এইবাৰ পূজাত অসম আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা পূৰ্বতকৈ অধিক কঠোৰ কৰিছে । ৰাজ্য চৰকাৰৰ ফালৰ পৰা এইবাৰ পূজাত যাতে কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতি বিঘ্নিত হ'ব নোৱাৰে তাৰে বাবে আৰক্ষীক অধিক কঠোৰ হ’বলৈ নিৰ্দেশনা দিয়া হৈছে ৷

লগতে পঢ়ক: Latasil Durga Puja: লতাশিলৰ সাৰ্বজনীন দুৰ্গা পূজাত শিৱলিংগৰ আৰ্হিৰ মণ্ডৱ

Last Updated : Oct 23, 2023, 11:48 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.