Latasil Durga Puja: লতাশিলৰ সাৰ্বজনীন দুৰ্গা পূজাত শিৱলিংগৰ আৰ্হিৰ মণ্ডপ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 10:32 PM IST

Updated : Oct 23, 2023, 4:59 PM IST

thumbnail

গুৱাহাটী, 22 অক্টোবৰ : নৱৰাত্ৰিৰ অষ্টম দিনা মহাগৌৰীৰ ৰূপত পূজা কৰা হয় দেৱী দূৰ্গাক । ঢাক-ঢোল, শংখ-ঘণ্টা আদি মাংগলিক বাদ্যৰে মুখৰিত পূজা মণ্ডপসমূহ । প্ৰায় ১৭ লাখ টকা বাজেটেৰে মহানগৰীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত হৈছে সাৰ্বজনীন দুৰ্গা পূজা । লতাশিল পূজাৰ ৬৫ ফুট উচ্চতাৰ শিৱলিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ । প্ৰতিবছৰৰ দৰে এই বৰ্ষও লতাশিল পূজাত ভিৰ কৰিছে ভক্তই । দুৰ্গা পূজাৰ অষ্টম দিনা দেৱী মহাগৌৰী পূজা কৰা হয় । উল্লেখ্য যে লোকবিশ্বাস অনুসৰি দেৱীয়ে পাবৰ্তীয়ে মহাদেৱ শিৱক পতিৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল, দেৱীয়ে কঠোৰ তপস্যা কৰাৰ ফলত দেৱীৰ শৰীৰ সম্পূৰ্ণৰূপে ক'লা হৈ পৰে । মহাদেৱ শিৱই দেৱীৰ তপস্যাত সন্তুষ্ট হৈ দেৱীক পবিত্ৰ গংগাৰ পানীৰে গা ধুৱাই দিয়াত দেৱীৰ শৰীৰ ৰং গৌৰ হৈ উঠে । তেতিয়াৰ পৰাই দেৱীৰ এই ৰূপটোক মহাগৌৰী বুলি কয় ।

Last Updated : Oct 23, 2023, 4:59 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.