Lovlina final match in Asian Games: লাভলীনাৰ বিজয়ক লৈ আশাবাদী পৰিয়াল তথা ধনশিৰিবাসী

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 12:00 PM IST

thumbnail

সৰুপথাৰ, 4 অক্টোবৰ: চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ 75 কিলোগ্ৰাম বক্সিং শাখাৰ ফাইনেলত বুধবাৰে অৱতীৰ্ণ হ'ব অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাই ৷ বিয়লি 3.45 বজাত ফাইনেলত চীনৰ লি কিয়ানৰে সমুখত সমৰত লিপ্ত হ’ব লাভলীনা । ইতিমধ্যে পেৰিছ অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰিছে ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহায়ে ৷

লাভলীনাৰ এই সাফল্যই আনন্দৰ বন্যা কঢ়িয়াই আনিছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ গৃহচহৰ বৰপথাৰলৈ ৷ আজি অনুষ্ঠিত হ'বলগীয়া খেলখনক লৈ উৎসাহী ধনশিৰিবাসী ৷

আজিৰ খেলখনত লাভলীনাই নিজৰ সর্বস্ব উজাৰি উন্নত প্ৰদৰ্শন কৰাৰ আশা ব্যক্ত কৰে তেওঁৰ পিতৃ টিকেন বৰগোঁহায়ে ৷ তেওঁ লগতে আজিৰ ফাইনেলত স্বৰ্ণ জয়ে লাভলীনাৰ পেৰিছ অলিম্পিকৰ যাত্ৰাও কিছু সহজ কৰি তুলিব বুলি আশা ব্যক্ত কৰে ৷ 

লাভলীনাই সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে নিজৰ জয়যাত্ৰা অব্যাহত ৰাখি প্ৰতিযোগিতাখনত স্বৰ্ণ পদক আজুৰি আনিব বুলি আশাবাদী তেওঁ পৰিয়ালবৰ্গৰ লগতে আদিগুৰু প্ৰশান্ত দাস তথা ধনশিৰিবাসী ৷ লাভলীনাৰ স্বৰ্ণজয়ক লৈ আশাবাদী ধনশিৰি আছু নেতৃবৃন্দও ৷  

লগতে পঢ়ক: Asian Games 2023: এছিয়ান গেমছৰ বক্সিঙৰ 75 কেজি শাখাত ফাইনেলত লাভলীনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.