Talent search exam: টেলেণ্ট চাৰ্চ পৰীক্ষাৰ নামত ধন লুণ্ঠন; উত্তেজিত অভিভাৱক

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:16 PM IST

thumbnail

মাজুলী,৮ অক্টোবৰ: 'শইকীয়া ডাইনেমিক' নামৰ এটা কোম্পানীয়ে মাজুলীত টেলেণ্ট চাৰ্চ পৰীক্ষাৰ নামত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লুট পৰিকল্পনা কৰাৰ অভিযোগ । এই প্ৰতিষ্ঠানটোৱে মাজুলীৰ আঠটা স্থানত দেওবাৰে টেলেণ্ট চাৰ্চ পৰীক্ষা অনুষ্ঠিত কৰিছিল । কিন্তু দুৰ্ভাগ্যজনক কথা যে কমাৰগাঁৱৰ যি স্থানত এই পৰীক্ষাৰ চেণ্টাৰ আছিল সেই পৰীক্ষা কেন্দ্ৰত পেপাৰ সময়ত আহি নোপোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।  

উপায়ন্তৰ হৈ পৰীক্ষা কেন্দ্ৰ এৰি ছাত্ৰ-ছাত্ৰী ওলাই আহিল বাহিৰলৈ । মাজুলীৰ বিভিন্ন স্থানৰ পৰা পৰীক্ষাৰ্থী আহি কেন্দ্ৰটোত উপস্থিত হৈছিল যদিও ঘণ্টাৰ পাছত ঘন্টা পৰীক্ষাৰ্থীসকল অপেক্ষা কৰাৰ পাচতো আহি নাপালে প্রশ্ন কাকত । মাজুলীৰ আৰু কেইবাটাও স্থানত এই পৰীক্ষা অনুষ্ঠিত কৰিছিল । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কোম্পানীৰটোৰ কেইবাজনো কৰ্মচাৰীক । জানিব পৰা মতে মাজুলী জিলা শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰা কোনো অনুমতি নোলোৱাকৈয়ে পৰীক্ষা অনুষ্ঠিত কৰিছিল কোম্পানীটোৱে ।  

লগতে পঢ়ক: UNESCO visits Charaideo Maidam: ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰ্যবেক্ষণ ইউনেস্কোৰ প্ৰতিনিধিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.