Crime in Guwahati: অসমীয়া কোৱাৰ বাবেই গুৱাহাটীত বহিৰাগতই আক্ৰমণ কৰিলে যুৱকক

By

Published : Jul 16, 2023, 3:26 PM IST

thumbnail

গুৱাহাটী, ১৬ জুলাই: অসমতে অসমীয়া ভাষা কোৱাৰ বাবে এজন যুৱকক প্ৰহাৰ কৰিলে হিন্দীভাষী যুৱকে ৷ শনিবাৰে নিশা এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’ল গুৱাহাটীৰ মাজ মজিয়াত ৷ জানিব পৰা মতে নিশা প্ৰায় ১.৩০ মান বজাত যুৱকৰ দল এটা খ্ৰীষ্টানবস্তিৰ ৰেষ্টুৰেন্ট এখনলৈ আহি হিন্দী ভাষাৰে খাদ্যৰ অৰ্ডাৰ দিছিল । ৰেষ্টুৰেন্টখনত কৰ্মৰত কৰ্মচাৰীয়ে অসমীয়া কথা কোৱাৰ বাবে প্ৰথমে বাকবিতণ্ডা আৰম্ভ হয় আৰু কৰ্মচাৰীজনক প্ৰহাৰ কৰে সুৰাপায়ী যুৱকৰ দলটোৱে । 

ইয়াৰ পিচতে সেই স্থানত উপস্থিত থকা লোকে যুৱকৰ দলটোক উত্তম মাধ্যম সোধায় ৷ উত্তেজিত লোকে যুৱক কেইজনে লৈ অহা বাহনখন ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে । ইতিমধ্যে অভিযুক্ত ৪ জনকৈ যুৱকক কৰায়ত্ত কৰিছে দিছপুৰ আৰক্ষীয়ে। এই ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:Constituency Delimitation: আছুৰ কথাৰ কোনো মূল্য নাই; ড৹ হীৰেণ গোহাঁই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.