ETV Bharat / state

Constituency Delimitation: আছুৰ কথাৰ কোনো মূল্য নাই; ড৹ হীৰেণ গোহাঁই

author img

By

Published : Jul 15, 2023, 4:18 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত মত প্ৰকাশ বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁইৰ ৷ ইয়াত নিৰ্বাচনী অংক থকা বুলি মন্তব্য চিন্তাবিদগৰাকীৰ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতিকো সমালোচলনা ড৹ গোহাঁইৰ ৷

Constituency Delimitation
Constituency Delimitation

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত মত প্ৰকাশ বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁইৰ

গুৱাহাটী,১৫ জুলাই: নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ প্ৰতি আছুৱে জনোৱা সমৰ্থনক লৈ সৰৱ হ’ল বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁই ৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত ড৹ গোহাঁইয়ে কয়, ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰুদ্ধে বিভিন্ন দল, জাতি-জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ কৰাৰ বিপৰীতে আছুৱে ইয়াৰ প্ৰতি সমৰ্থন দিছে । আছুৰ কথাৰ কোনো মূল্য নাই । তেওঁলোকে এটা বিশেষ চিন্তাধাৰাৰ বশৱৰ্তী হৈ কাম কৰি আছে ।’’

তেওঁ লগতে কয়, ‘‘ৰাইজৰ মংগল-অমংগল , ভাল-বেয়াৰ প্ৰতি চিন্তা চেতনা নাই । এচামে ন্যস্ত স্বাৰ্থৰ বশৱৰ্তী হৈ মত দি আছে । ইয়াৰ ফলত সমগ্ৰ ৰাজ্যখনৰ ক্ষতি হৈছে ।’’ ৰাইজৰ প্ৰতি আছুৰ যদি সামান্য দায়বদ্ধতা আছে তেন্তে ইয়াৰ পৰা শিক্ষা ল’ব বুলিও তেওঁ মন্তব্য কৰে ।

ইফালে তেওঁ খচৰা সম্পৰ্কে মত প্ৰকাশ কৰি কয় এই খচৰাখন অদ্ভুত । অসমৰ সকলো মানুহে ইমান বেছি বেয়া পাইছে । বিজেপিৰ বাহিৰে সকলোৱে বেয়া পাইছে খচৰাখন । কিন্তু আচৰিত ধৰণে আছুৱে ভাল পাইছে । চৰকাৰৰ প্ৰৰোচনাত এই খচৰা প্ৰস্তুত হৈছে বুলি অনুমান কৰে ড৹ হীৰেণ গোহাঁইয়ে ।

তেওঁ কয়, ‘‘এয়া অতি গৰ্হিত কাম ৷ এই খচৰাখন বাতিল হ’ব লাগে ৷’’ ইয়াৰ বিৰুদ্ধে অসমৰ ৰাইজক প্ৰৱল আন্দোলন গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায় ৷

তেওঁ চৰকাৰক সমালোচনা কৰি কয়, ‘‘অসমৰ মানুহক চৰকাৰে ধোদৰ পচলা কৰিছে ৷ অসমৰ মানুহক বহাই বহাই চৰকাৰে ফ্ৰী চাউল খুৱাইছে । এতিয়া মিঞাৰ লগত প্ৰতিযোগিতাত লগাইছে হিমন্ত বিশ্ব শৰ্মাই ।’’ এয়া দুই ৰাজনৈতিক দলৰ নিৰ্বাচনী অংক বুলি মন্তব্য বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁইৰ ৷

লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি আছুৰ; আয়োগলৈ কেতবোৰ সংশোধনৰ পৰামৰ্শ
লগতে পঢ়ক:Constituency Delimitation: সাম্প্ৰদায়িক দলৰ সৈতে আছু থকাটো দুৰ্ভাগ্যজনক; অখিল গগৈ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.