বজ্ৰপাতৰ ফলত জুইৰ সূত্ৰপাত বৰপেটা চহৰৰ এটা পেট্ৰল পাম্পত

By

Published : Jun 14, 2022, 5:13 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

যোৱা কিছু দিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ হোৱা দেখা গৈছে (Heavy rain in different parts of Assam)। ঠায়ে ঠায়ে বজ্ৰপাত পৰি বিস্তৰ ক্ষতিসাধন হোৱাও দেখা গৈছে । এইবাৰ ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল বৰপেটাৰ মদন মোহন এণ্ড চনছ্ পেট্ৰ'ল পাম্প । পেট্ৰ'ল পাম্পটোত বজ্ৰপাত পৰাৰ পাছতে জুইৰ সূত্ৰপাত হয় (Lightning strikes petrol pump in Barpeta)। লগে লগে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে কৰ্মচাৰীসকলৰ তৎপৰতাত ততালিকে জুই নিৰ্বাপন কৰা হয় ৷ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল পেট্ৰল পাম্পৰ লগতে বৰপেটা চহৰ ৷ এই ঘটনাক লৈ শংকিত অঞ্চলবাসী ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.