Life struggle of an old man : স্বাস্থ্যমন্ত্ৰীৰ আশাতেই বন্দী ভাৱৰীয়া ক্ষীৰ নাথ

By

Published : Oct 30, 2022, 2:30 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

জীৱন নাটৰ নিসংগ ভাৱৰীয়া ক্ষীৰ নাথ ৷ কলিয়াবৰৰ ভাওনা বুলি ক’লে মনলৈ আহে জমখলা গাঁৱৰ ক্ষীৰ নাথৰ কথা (Bhaona Artist Khira Nath of Kaliabor) ৷ এসময়ত ভাওনাত দপদপাই থকা কলিয়াবৰৰ ভাৱৰীয়াজন আজি দুৰাৰোগ্যত আক্ৰান্ত ৷ এতিয়া তেওঁৰ সংগী কেৱল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰদান কৰা হুইল চেয়াৰখন ৷ ক্ষীৰ নাথে আপোন ঘৰখনৰ বিছনাখনতে বহি অতি কষ্ট আৰু দুখেৰে পাৰ কৰিছে সময় (Life struggle of Kaliabor Bhaona Artist Khira Nath) ৷ তেওঁৰ খবৰ ল’বলৈ যেন কাৰোৰে আজি আহৰি নাই ৷ উল্লেখ্য যে, ১৯৬০ চনত জন্ম গ্ৰহণ কৰা ক্ষীৰ নাথে প্ৰায় ৪০ টা বছৰে ভাওনাত অভিনয় কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । গণি শেষ কৰিব নোৱাৰা ভাওনাত অনেক চৰিত্ৰৰ ভাওত অভিনয় কৰা শিল্পী ক্ষীৰে বহুবাৰ শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিছিল ৷ কিন্তু আজিলৈকে তেওঁ শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম ন’হল । ইফালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শিল্পীগৰাকীক আশ্বাস দিছিল প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰি দিয়াৰ ৷ সেই আশাতে বন্দী আজি ক্ষীৰ ৷ এতিয়া জীৱনৰ বিয়লি বেলাত প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত বিচনাখনতে শুই-বহি পাৰ কৰিছে সময় ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.