Hojai murder case: পত্নীহন্তা স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:22 PM IST

thumbnail

হোজাই, 31 আগষ্ট :  ন্যায় পালে এগৰাকী দুৰ্ভগীয়া কন্যাই ৷ বৃহস্পতিবাৰে হোজাইৰ শংকৰদেৱ নগৰ সত্ৰ ন্যায়াধীশ আদালতে হোজাইৰ কাকীৰ এটা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷ কাকী আৰক্ষী থানাৰ অন্তৰ্গত ৰতন বসুমতাৰীয়ে 2022 চনৰ 13 জুনত হত্যা কৰিছিল নিজ পত্নীক ৷ এই ঘটনা সন্দৰ্ভত ৰতন বসুমতাৰীৰ জীয়ৰী মইনা ইংলেংপীয়ে নিজ পিতৃৰ বিৰুদ্ধে গোচৰ দিছিল ৷ এই গোচৰৰ পিচতেই কাকী আৰক্ষী থানাই ৰতন বসুমতাৰীক সোধা পোছা কৰাৰ পিচত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

এই গোচৰৰ সম্পৰ্কত আজি অন্তিমটো বিচাৰ প্ৰক্ৰিয়াৰ দিনা শংকৰদেৱ নগৰ সত্ৰ ন্যায়ধীশ আদালতে ৰতন বসুমতাৰীক ভাৰতীয় দণ্ড বিধিৰ আইনৰ 302 ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ৫ হাজাৰ টকাৰ জৰিমনা বিহে। এই সমগ্ৰ গোচৰটো কাকী আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰমেশ শইকীয়াই তদন্ত কৰিছিল ৷ শংকৰদেৱ নগৰ আদালতৰ চৰকাৰী অধিবক্তা অমৰ জোতি শইকীয়াই সংবাদমাধ্যৰ আগত সমগ্ৰ ৰায়দানৰ সন্দৰ্ভত জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক: Road Accident: বলেৰ’ বাহনে মহতিয়ালে ব’ল বম যাত্ৰীৰ বাহন, 9 গৰাকী আহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.