Laxmi puja: কাইলৈ লক্ষীক আদৰিবলৈ সাজু হৈছে ৰাইজ

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 10:55 PM IST

thumbnail

হোজাই, 27 অক্টোবৰ : দেৱী দুৰ্গাৰ বিদায়ৰ পিচতেই ৰাজ্যজুৰি প্ৰস্তুতি চলিছে মা লখিমীক আদৰাৰ । নগৰে-চহৰে গাঁৱে-ভূঞে সকলোৰে পথাৰ-ভঁৰাল শনিবাৰে দেৱী লক্ষ্মীৰ আৰাধনাৰে মুখৰিত হ’ব । কাইলৈ পূৰ্ণিমাৰ দিনটোত সকলোৰে ঘৰে ঘৰে দেৱী লক্ষ্মীক পূজা অৰ্চনা কৰি সন্তুষ্ট কৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে ৰাজ্যত ৷

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ হোজাই জিলাতো দেখা পোৱা গৈছে লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি ৷ পূজাৰ সামগ্ৰী লোৱাত ব্যস্ত ৰাইজ ৷ হোজাইৰ বজাৰত ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ৷ বজাৰত দেৱীৰ মূৰ্তি, ফটো আদি ক্ৰয় কৰাৰ লগতে ফল-মূল, মগু-বুট, আল্পনা সকলো কিনাত ব্যস্ত হৈ পৰিছে হোজাইবাসী । চিৰা-মুৰি-গুৰেৰে তৈয়াৰী বিভিন্ন প্ৰকাৰৰ লাৰু কিনিবলৈ দোকানসমূহত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Laxmi puja preparation: লক্ষী দেৱীৰ আশীৰ্বাদত পাইয়ো যাব পাৰে এখন বাছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.