মাটিৰ দালালৰূপী গাঁওৰক্ষী বাহিনীৰ সম্পাদকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 6:57 PM IST

thumbnail

মৰিগাঁও, ৩১ ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিচত কিছুদিন বন্ধ হৈছিল দালালৰ দপদপনি । ইয়াৰ মাজতেই ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ত পুনৰ দপদপনি আৰম্ভ হয় মাটিৰ দালালৰ ৷ এতিয়া পুনৰ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশত আৰক্ষীয়ে আৰম্ভ কৰিছে মাটিৰ দালালৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷ এইবাৰ মৰিগাঁৱত আৰক্ষীৰ জালত পৰিল গাঁওৰক্ষী বাহিনীৰ সম্পাদক ।

মাটিৰ দালালি কৰাৰ অভিযোগত গাঁওৰক্ষী বাহিনীৰ সম্পাদক মামুদুল হোছেইনক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি মৰিগাঁও আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সম্পাদক মামুদুল হোছেইনক এই সন্দৰ্ভত সোধা-পোচা অব্য়াহত ৰাখিছে । দীৰ্ঘদিন ধৰি মাটিৰ দালালৰাজ চলাই অহাৰ উপৰি বিভিন্নজনৰ পৰা টকা লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল মামুদুল হুছেইনৰ বিৰুদ্ধে । এই সন্দৰ্ভত মামুদুল হুছেইনৰ বিৰুদ্ধে ভূৰাগাঁও থানাত ১৪০/২৩ নম্বৰত এটি গোচৰ ৰুজু কৰি সোধা-পোচা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:অসমত মাটিৰ দালালৰাজ নচলিব; ৰাজহ মন্ত্ৰীৰ সকীয়নি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.