অসমত মাটিৰ দালালৰাজ নচলিব; ৰাজহ মন্ত্ৰীৰ সকীয়নি

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 3:33 PM IST

thumbnail

মৰাণ, 23 ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে আৰম্ভ কৰিছিল মাটিৰ দালালৰ বিৰুদ্ধে অভিযান ৷ কিন্তু এই অভিযান কিছুদিন বন্ধ হোৱাৰ পাছতে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ত পুনৰ দপদপনি আৰম্ভ হ'ল মাটিৰ দালালৰ ৷ ইয়াৰ পাছতে পুনৰ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশত আৰক্ষীয়ে আৰম্ভ কৰিছে মাটিৰ দালালৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷

শুকুৰবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত একেদিনাই ৮ টা মাটিৰ দালাল গ্ৰেপ্তাৰ হৈছে ৷ ৰাজ্যত পুনৰ মাটিৰ দালাল আটক হোৱাক লৈ চৰাইদেউ জিলাৰ মাহমৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কেবিনেট মন্ত্ৰী যোগেন মহনৰ ৷ মন্ত্ৰীজনে কয় যে, এই চৰকাৰে দায়িত্ব লোৱাৰ পৰাই কৈ আহিছে ৰাজ্যত কোনো মাটিৰ দালালৰাজ নচলিব ৷ দুৰ্বল মানুহৰ মাটি জালিয়াতি কৰি কোনেও ল'ব নোৱাৰিব ৷ মাটিৰ জালিয়াতি নাইকিয়া কৰিবলৈ বসুন্ধৰা আঁচনি ৰূপায়ণ কৰা হৈছে ৷

তেওঁ কয় যে, মাটিৰ দালালিত জড়িত সকলৰ বিৰুদ্ধে আইনে ব্যৱস্থা ল'ব ৷ সাধাৰণ ৰাইজক উপকৃত কৰিবলৈ মাটিৰ দালাল অসমৰ পৰা উৎখাত হ'ব বুলি এক প্ৰকাৰে সকীয়নি দিলে ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে ৷ 

লগতে পঢ়ক : বাল্যবিবাহ, বহুবিবাহৰ পৰা আৰম্ভ কৰি বিশ্ব ৰেকৰ্ডলৈকে; ২০২৩ বৰ্ষত চৰ্চাৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.