Lakshmi puja: ওদালগুৰিত লক্ষ্মী পূজাক লৈ ব্যাপক উছাহ

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:34 PM IST

thumbnail

ওদালগুৰি, 28 অক্টোবৰ : ওদালগুৰিৰ সৰ্ববৃহৎ লক্ষ্মী মন্দিৰ শ্ৰীশ্ৰী উদমাৰী লক্ষ্মী মন্দিৰতো আৰম্ভ হ’ল লক্ষ্মী পূজা । ধনৰ অধিষ্ঠাত্ৰী দেৱী আই লক্ষ্মীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে শনিবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে লক্ষ্মী পূজা ৷ দুৰ্গা পূজাৰ পিচত লক্ষ্মী পূজাক লৈ ভক্তৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে ৷

সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ সৰ্ববৃহৎ লক্ষ্মী মন্দিৰ ভেৰগাঁৱৰ শ্ৰীশ্ৰী উদমাৰী লক্ষ্মী মন্দিৰতো এলানি কাৰ্যসূচীৰে সৈতে পতা হৈছে লক্ষ্মী পূজা । শ্ৰীশ্ৰী উদমাৰী লক্ষ্মী মন্দিৰত প্ৰায় তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে লক্ষ্মী পূজা ।

শনিবাৰৰে পৰা আৰম্ভ হৈছে উদযাপন, আজি সন্ধিয়া পাঁচ বজাৰ পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভক্ত সকলে মা দেৱীক আৰধনা কৰিবলৈ আহি ভিৰ কৰিবহি বুলি মন্দিৰৰ কৰ্মকৰ্তাই জানিবলৈ দিছে । সকলো ভক্তকে শৃংখলাবদ্ধভাৱে দেৱীক আৰধনা কৰিবলৈ অনুৰোধ কৰাৰ লগতে অসমবাসীক লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে উদ্যোক্তাই ।

লগতে পঢ়ক : Lakshmi puja 2023: চিৰাঙত ১২ দিনীয়া লক্ষী পূজা আৰু মেলা মহোৎসৱৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.