মুখ্যমন্ত্ৰীয়ে ৰাজ্যত কৰৰ সন্ত্ৰাস চলাইছে; কৃষক মুক্তি সংগ্ৰাম সমিতি

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 4:15 PM IST

thumbnail

গুৱাহাটী,২২ নৱেম্বৰ : ৰাজ্যৰ উদং ৰাজকোষ পূৰণৰ বাবে বিজেপি নেতৃত্বধীন বিজেপি চৰকাৰখনে পুনৰ ৰাজ্যবাসীৰ ওপৰত কৰৰ বোজা জাপি দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

কৰৰ বোজাৰে সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ শোধোৱা চৰকাৰখনৰ এনে কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দলেই সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকক কৰৰ মাধমাৰ শোধাই অসমত কৰৰ সন্ত্ৰাস চলাইছে ।

সুযোগ পালেই এইগৰাকী মুখ্যমন্ত্ৰীয়ে উশাহ-নিশাহ ল'লেই ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰিব । এইখন চৰকাৰৰ দিনত ৰাইজ নিৰাপদ নহয় বুলি উল্লেখ কৰি কৃষক নেতাজনে বিজেপি নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনক বৰ্জন কৰিবলৈও ৰাইজক আহ্বান জনায় ।

উল্লেখ্য যে যোৱা ১৫ নৱেম্বৰত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগুৱে এক নির্দেশনা জাৰি কৰে ৷ এই নিৰ্দেশনা অনুসৰি, অসম আৰক্ষী সেৱা সেতু প'ৰ্টেলৰ জৰিয়তে অনুষ্ঠানৰ অনুমতিৰ বাবদ নতুন মাচুল নির্ধাৰণ কৰিছে । জাতীয় উৎসৱ বিহুৰ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক শোভাযাত্রালৈকে সকলোতে সেৱা সেতু এপৰ যোগেদি অনুমতি দিয়াৰ নামত মাচুল সংগ্ৰহ কৰা হৈছে ৷

লগতে পঢ়ক :এইবাৰ সাজু হওক নতুন কৰ দিবলৈ; মাধ্যম সেৱা সেতু এপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.