Constituency Delimitation 2023 : অশোক সিংহলৰ মতে জনগোষ্ঠীয় সমষ্টি কৰ্তন হৈছে : KMSS

By

Published : Aug 12, 2023, 7:30 PM IST

thumbnail

মাজুলী, ১২ আগষ্ট: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা নাই অসম । সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাখন ৰাজ্য় চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে ফাঁচী বজাৰত ১৫০টা কম্পিউটাৰ লৈ নিজৰ মন পছন্দৰ মানুহৰ বিধায়ক পদ সুৰক্ষিত কৰি বনাই দিয়া মতে উলিয়াইছে । সেইখন নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে । শনিবাৰে মাজুলীত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এইদৰে মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ।  

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে পুনৰ কয় যে মাটিৰ দালাল ভৱানীপুৰৰ বিধায়কে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটি কেলেংকাৰী পোহৰলৈ অনাৰ ভয়ত এই সমষ্টিটো বাহাল ৰাখিলে । আমগুৰি, লাহোৱাল সমষ্টিত ৰাইজে প্ৰতিবাদ কৰাৰ পাচতো সেই সমষ্টি কৰ্তন কৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে অশোক সিংহলৰ মতে জনগোষ্ঠীয় সমষ্টি সমূহ কৰ্তন কৰা হৈছে । 

এই খচৰাক লৈ আইনী প্ৰক্ৰিয়াৰ কাষ চাপিব বুলি উল্লেখ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে কয়,"মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আকাশ ফুকনক টিকট দিবলৈ বিধায়ক ভবেন ভৰালীক শ্বহীদ কৰি, মন্ত্ৰী অতুল বৰাক সংস্থাপন দিয়া হৈছে । আমি যদি মিছা কৈছোঁ আমাৰ ওপৰত ব্যৱস্থা লওঁক ।"

লগতে পঢ়ক:Awareness campaign in Lakhimpur: লখিমপুৰত বেটী বচাও বেটী পঢ়াও আঁচনিৰ সজাগতা অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.