ETV Bharat / state

Awareness campaign in Lakhimpur: লখিমপুৰত বেটী বচাও বেটী পঢ়াও আঁচনিৰ সজাগতা অভিযান

author img

By

Published : Aug 12, 2023, 5:11 PM IST

লখিমপুৰত শনিবাৰৰ পৰা বছৰজোৰাকৈ আৰম্ভ কৰা হৈছে কেন্দ্রীয় বেটী বচাও বেটী পঢ়াও আঁচনিৰ সজাগতা অভিযান । শনিবাৰে প্ৰথম দিনা মহিলাৰ মাজত আয়োজন কৰা এখন ভলীবল প্ৰতিযোগিতাৰে এই অভিযানৰ পাতনি মেলা হয় ।

Beti Bachao Beti Padhao scheme awareness campaign in Lakhimpur
লখিমপুৰত বেটী বচাও বেটী পঢ়াও আঁচনিৰ সজাগতা অভিযান

লখিমপুৰত বেটী বচাও বেটী পঢ়াও আঁচনিৰ সজাগতা অভিযান

লখিমপুৰ,১২ আগষ্ট: দেশজুৰি অব্যাহত বেটী বচাও বেটী পঢ়াও আঁচনি । এই আঁচনিৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ । সমান্তৰালভাৱে ৰাজ্যৰ প্ৰায়বোৰ জিলাতে এই আঁচনি সন্দৰ্ভত সজাগ কৰাৰ বাবে অনুষ্ঠিত কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ । ব্যতিক্ৰম নহয় লখিমপুৰ ।

লখিমপুৰত জিলা আয়ুক্তই উদ্বোধন কৰিলে বছৰ জোৰা বেটী বচাও বেটী পঢ়াও আঁচনিৰ সন্দৰ্ভত সজাগতা অভিযান । জানিবপৰা অনুসৰি লখিমপুৰ জিলাত শনিবাৰৰ পৰা আৰম্ভ হৈছে বছৰ জোৰা বেটী পঢ়াও বেটী বচাও আঁচনিৰ সজাগতা অভিযান । শনিবাৰে বিয়লি প্ৰথম দিনা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ খেলপথাৰত মহিলাৰ মাজত আৰম্ভ কৰা হয় সজাগতামূলক ভলীবল প্ৰতিযোগিতা ।

মুঠ আঠটাকৈ দলে অংশগ্রহণ কৰা এই প্ৰতিযোগিতাখন উদ্বোধন কৰে জিলা আয়ুক্ত সুমিত সাত্তাৱানে। প্ৰতিযোগিতাখন উদ্বোধন কৰাৰ পাছত আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বেটী বচাও বেটী পঢ়াও কেন্দ্রীয় আঁচনিখন লখিমপুৰ জিলাতো ৰূপায়ণ কৰা হ'ব । মহিলাৰ মাজত ভলীবল প্ৰতিযোগীতাৰে আৰম্ভ হোৱা এই কাৰ্যসূচীৰ পাছত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ।

তাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে কৰ্ম আঁচনিৰ এখন খচৰাও যুগুতাই লোৱা হৈছে । এনে কৰ্ম আঁচনিসমূহ ৰূপায়ণ কৰি মহিলাসকলক সজাগ সচেতন কৰাৰ প্ৰয়াস কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে, মহিলাসকল সজাগ সচেতন হৈ শক্তিশালী নহ'লে এখন সমাজ সামগ্রীক ভাবে বিকশিত নহয় । সেয়ে মহিলাসকলক সজাগ কৰাৰ বাবে জিলাখনত বছৰ জোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

ভলীবল প্ৰতিযোগীতাখন উদ্বোধনৰ পূৰ্বে বালিকা মহাবিদ্যালয়ৰ ছাত্রীসকলে নৃত্যানুষ্ঠান পৰিৱেশন কৰে । অনুষ্ঠানটোত বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সূৰজিৎ ভূঞাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল, ছাত্রীসকল, জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াকে ধৰি স্থানীয় ৰাইজে অংশগ্রহণ কৰে ।

উল্লেখ্য যে, বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত জন্মৰ সময়ত লিংগ অনুপাত উন্নত কৰা, প্ৰতি বছৰে মাধ্যমিক শিক্ষা স্তৰত ছোৱালী আৰু মহিলাৰ নামভৰ্তি বৃদ্ধি তথা দক্ষতা বিকাশ, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছোৱালীৰ মাজত ড্ৰপআউটৰ হাৰ হ্ৰাস কৰা আৰু ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাপনাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা বিষয়সমূহ অন্তৰ্ভুক্ত কৰি বিভিন্ন লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক: Flood in Dhemaji: বানত বুৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.