আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 7:35 AM IST

thumbnail

গুৱাহাটী, 17 অক্টোবৰ : ৰাজ্য়জুৰি ভূমিপুত্ৰ মিচিংসকলৰ আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰাক লৈ দাবী উত্থাপন কৰি আহিছে ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই গোলাঘাটত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰে ।

তেওঁ কয়, ‘‘এইটো প্ৰকৃততে অতি দুখৰ আৰু পৰিতাপৰ কথা ৷ মিচিংসকল অসমৰ‌ গুৰুত্বপূৰ্ণ জনগোষ্ঠী।‌ এই জনগোষ্ঠীৰ উৎসৱক চৰকাৰে অৱহেলা কৰি আছে । মিচিংসকলক প্ৰতিনিধিত্ব কৰা পাঁচগৰাকীকৈ বিধায়ক শসকীয় দলত আছে ।‌ তাৰ পাচতো চৰকাৰে ভূমিপুত্ৰ মিচিংসকলৰ আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ দিয়া নাই কিয় ? চৰকাৰে কেৱল ৰাইজৰ খং, ক্ষোভক উপশম ঘটাবলৈ মিচিং অধ্যুষিত 10 খনকৈ জিলাত অঞ্চলত স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে’’ ৷ 

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াও ভূমিপুত্ৰ মিচিংসকলৰ আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ দিয়াৰ বাবে দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে, অসম চৰকাৰৰ কেবিনেটে বৃহস্পতিবাৰে ভূমিপুত্ৰ মিচিংসকলৰ আলি আয়ে লৃগাঙত অসমৰ ১০ খন‌ জিলাত বন্ধ ঘোষণা কৰিছে ।

লগতে পঢ়ক : ছেবা আৰু শিক্ষা সংসদৰ একত্রিকৰণ : কেবিনেটৰ অনুমোদন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.