Khel Maharan 2023: হোজাই জিলাৰ ১নং কাকী গাঁও পঞ্চায়তত ‘খেল মহাৰণ’ আৰম্ভ

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 9:07 AM IST

thumbnail

হোজাই, 7 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন পঞ্চায়তৰ লগতে হোজাই জিলাৰ উদালি উন্নয়ন খণ্ডৰ অন্তৰ্গত ১নং কাকী গাঁও পঞ্চায়তৰ ১ নং কাকী হাইস্কুল খেলপথাৰত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে খেল মহাৰণ আৰম্ভ হৈছে । কেইবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে ১ নং কাকী হাইস্কুল খেলপথাৰত বিভিন্ন খেলত অংশগ্ৰহণ কৰে ।

অসম চৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাখনত আছে ফুটবল, কাবাডী, খো-খো আৰু ভলীবলৰ লগতে বিভিন্ন খেল । উক্ত খেলত বিভিন্ন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক, উদালি উন্নয়ন খণ্ডৰ বিষয়া বৰ্গ, ১ নং কাকী গাঁও পঞ্চায়তৰ মুৰব্বীসকল আৰু ৱাৰ্ড সদস্যসকলৰ লগতে অঞ্চলৰ বিভিন্ন গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকি খেলসমূহৰ পৰিচালনা কৰি আগুৱাই লৈ যোৱা পৰিলক্ষিত হয় ।

ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাসমূহক এখন প্ৰকৃত মঞ্চ আগবঢ়াই দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত 1 নৱেম্বৰৰ পৰা খেল মহাৰণ আৰম্ভ  হৈছে ৷

লগতে পঢ়ক : Khel Maharan 2023: খেল মহাৰণৰ ১৯ বছৰ উৰ্ধৰ ফুটবল দলত অন্তৰ্ভুক্ত ৰূপজ্যোতি কুৰ্মী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.