Khel Maharan 2023: খেল মহাৰণৰ ১৯ বছৰ উৰ্ধৰ ফুটবল দলত অন্তৰ্ভুক্ত ৰূপজ্যোতি কুৰ্মী

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 5:11 PM IST

thumbnail

যোৰহাট, 6 নৱেম্বৰ: ৰাজনীতিৰ পথাৰত নহয়, এইবাৰ ফুটবল খেলপথাৰত দেখা গ’ল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷ খেলুৱৈৰ পোচাকেৰে সুসজ্জিত হৈ ফুটবলৰ পিচে পিচে দৌৰা দেখা গ’ল বিধায়কগৰাকীক ৷ হঠাৎ ফুটবল খেলপথাৰত বিধায়ক ৰূপজ্যোতিক দেখি আপুনি হয়তো ভাবিছে এইবাৰ আকৌ কি হ’ল ?

ৰাজ্যৰ চুকে-কোণে লুকাই থকা খেলুৱৈসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে খেল মহাৰণত ৷ সোমবাৰে মৰিয়নীৰ নিজ গাঁৱত এই খেল মহাৰণৰ প্ৰতিযোগিতাত ভাগ লয় বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ।

বিধায়কগৰাকীয়ে খেল মহাৰণ অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক প্ৰশংসাৰে ওপচাই পেলোৱাৰ লগতে খেলপথাৰৰ পৰাই চেল্যুট দিয়ে । খেল মহাৰণ কাৰ্যসূচীৰ যোগেদি অসমত লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহ ওলাই আহিব আৰু বিভিন্ন খেলৰ বাবে তেওঁলোকক বাছনি ভুক্ত কৰা হ'ব বুলি আশাবাদী বিধায়ক কুৰ্মী । 

আনহাতে দেশত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে প্ৰথম স্থান দখল কৰাৰ লগতে বিভিন্ন খেলত অসম খেলুৱৈসকলে ভাৰতক প্ৰতিনিধিত্ব কৰিব বুলিও আশা ব্যক্ত কৰে ।

লগতে পঢ়ক: Ajanta Neog at Lakhimpur : লখিমপুৰৰ ত্যাগক্ষেত্ৰত বিজেপিৰ গণ সমাৱেশ, মন্ত্ৰী অজন্তা নেওগৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.