গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ: কেশৱ মহন্ত

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 4:52 PM IST

thumbnail

নগাঁও, ১৯ জানুৱাৰী : "ভিতৰুৱা গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভা প্ৰকাশ আৰু বিকাশৰ উদ্দেশ্যে গ্ৰহণ কৰি অহা হৈছে ন ন পদক্ষেপ । গ্ৰামাঞ্চলৰ সাংস্কৃতিক প্ৰতিভা থকা কিশোৰ-কিশোৰী, যুৱক-যুৱতীক উলিয়াই অনাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা হৈছে আন এক পদক্ষেপ । সেয়া হৈছে সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী ।" এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ ।

তেওঁ লগতে কয় যে গ্ৰামাঞ্চলৰ লগতে জিলা ভিত্তিতো সাংস্কৃতিক মহাসংগ্ৰাম নামৰ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিভা বিকাশৰ প্ৰয়াস কৰা হৈছে । নগাঁৱত ১৭ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত সাংস্কৃতিক মহাসংগ্ৰামৰ দ্বিতীয়দিনা অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়া এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ।

উল্লেখ্য যে মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰা অনুসৰি, প্ৰথমে পঞ্চায়ত ভিত্তিত আৰু তাৰ পিছত সমষ্টি ভিত্তিত এই সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত ১৭ জানুৱাৰীৰ পৰা জিলা ভিত্তিত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে । আনহাতে, নগাঁও জিলা ভিত্তিত অনুষ্ঠিত এই সাংস্কৃতিক মহাসংগ্ৰামত ১,০৯৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বুলি তেওঁ লগতে উল্লেখ কৰে ।

উল্লেখ্য যে 25 অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই সাংস্কৃতিক মহাসংগ্ৰাম অহা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব । গ্ৰাম্য সাংস্কৃতিক প্ৰতিভাক চিনাক্ত আৰু উৎসাহিত কৰাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে ছটা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে । এই বিভাগকেইটাত আছে জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, লোকনৃত্য আৰু বিহু । একক আৰু দলীয়ভাৱে এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক :বকডো গাঁৱৰ পৰ্যটনথলী পৰিদৰ্শনৰ জাইকাৰ প্ৰতিনিধিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.