ETV Bharat / state

বকডো গাঁৱৰ পৰ্যটনথলী পৰিদৰ্শনৰ জাইকাৰ প্ৰতিনিধিৰ

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 4:04 PM IST

Village tourism in Goalpara: গোৱালপাৰাৰ আগিয়াৰ বকডো গাঁৱত উপস্থিত জাপান ইণ্টাৰনেচনেল কৰ্প'ৰেচন এজেন্সী চমুকৈ 'জাইকা'ৰ প্ৰতিনিধিৰ দল ৷ জিঞ্জিৰাম নৈত মাছৰ নিৰাপদ আশ্ৰয়স্থলেৰে গ্ৰাম্য পৰ্যটনক টনকিয়াল কৰাৰ ক্ষেত্ৰত গাঁওবাসীয়ে লোৱা পদক্ষেপ সমূহ পৰ্যবেক্ষণ দলটোৰ ৷ গাঁওবাসীক সহায়ৰ বাবে ইচ্ছুক জাইকা ৷

Village tourism in Goalpara
Assam village tourism

বকডো গাঁৱৰ পৰ্যটন থলী পৰিদৰ্শনৰ জাইকাৰ প্ৰতিনিধিৰ

গোৱালপাৰা, 19 জানুৱাৰী: গোৱালপাৰাৰ আগিয়াৰ গাৰো জনজাতিৰ বসতিপ্ৰধান বকডো গাঁৱত জিঞ্জিৰাম নৈত গঢ়ি উঠা মাছৰ নিৰাপদ আশ্ৰয়স্থলৰ কথা ইতিমধ্যে ইটিভি ভাৰতত সবিস্তাৰে প্ৰকাশ পাইছে ৷ পৰ্যটনৰ অন্যতম থলী হিচাপে পৰিগণিত হোৱা বকডো গাঁৱক টনকিয়াল কৰিছে ৷ এই গ্ৰাম্য পৰ্যটনক টনকিয়াল কৰাত সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যৰে জাপান চৰকাৰৰ এটি সাতজনীয়া প্ৰতিনিধি দল আগিয়াত উপস্থিত হৈছে ।

জাপান ইণ্টাৰনেচনেল কৰ্প'ৰেচন এজেন্সী চমুকৈ 'জাইকা'ৰ প্ৰতিনিধি দলটোৱে শুকুৰবাৰে পুৱা এঘাৰ বজাত ৰাজ্যিক আৰু জিলা মীন উন্নয়ন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সৈতে বকডোত উপস্থিত হৈ একে স্থানতে থুপ খাই থকা মাছবোৰ দেখি অভিভূত হৈ পৰে । নৈখনৰ সেই স্থান পৰ্যৱেশন কৰি প্ৰতিনিধি দলটোৱে বকডো গাঁওবাসী আৰু স্থানীয় যুৱ সংঘৰ সৈতে আলোচনাত মিলিত হয় । ইয়াৰ পূৰ্বে সাতজনীয়া প্ৰতিনিধি দলটোক গাৰো জনজাতিৰ পৰম্পৰাগত সাজপাৰেৰে স্থানীয় ৰাইজে সাদৰ-সম্ভাষণ জনায় ।

জিঞ্জিৰাম নদীত মাছ সংৰক্ষণৰ ওপৰত ভিত্তি কৰি কেতিয়া আৰু কেনেকৈ বকডো গাঁৱক গ্ৰাম্য পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ গাঁওবাসীয়ে যাৱতীয় কাৰ্যব্যৱস্থা হাতত লৈছিল তাৰ চমু বিৱৰণ দাঙি ধৰে আগিয়া মহাবিদ্যালয়ৰ অধ্যাপিকা অনিমা মাৰাক আৰু বকডো যুৱ সংঘৰ প্ৰতিনিধিয়ে । জাইকাৰ প্ৰতিনিধি দলটোৱে বকডো গাঁৱৰ আৰ্থ-সামাজিক দিশৰ লগতে পৰম্পৰাগত সংস্কৃতি, থলুৱা খাদ্য সম্ভাৰ আদিকে ধৰি উৰপদ বিলৰ পক্ষীৰ বিচৰণ স্থলী তথা দাঁতি-কাষৰীয়া অঞ্চলৰো পৰ্যটনৰ দিশত পুংখানুপুংখভাৱে তথ্য সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে ।

জানিব পৰা মতে মাছৰ ওপৰত ভিত্তি কৰি আগিয়াৰ বকডোত গঢ়ি উঠা গ্ৰাম্য পৰ্যটনক জাপান ইণ্টাৰনেচনেল কৰ্প'ৰেচন এজেন্সীয়ে সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্য গ্ৰহণ কৰিছে ৷ সেয়ে প্ৰতিনিধি দলটোৱে বকডো‌ গাঁৱৰ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যৱেক্ষণ কৰি তথ্য সংগ্ৰহ কৰিছে । প্ৰতিনিধি দলটো সন্তুষ্ট হ’লে বকডো গাঁৱে পৰ্যটকক আকৰ্ষিত কৰিবলৈ বিশেষভাৱে সহায় লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে, আগিয়া চকৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত অৱস্থিত গাৰো জনজাতীয় লোকৰ বসতি প্ৰধান এই বকডো গাঁও । জিঞ্জিৰাম নৈৰ দুয়োপাৰে জনবসতি থকা গাঁওখন সংলগ্ন কৰাৰ বাবে পূৰ্বে আছিল এখন কাঠৰ দলং । দীৰ্ঘদিন মেৰামতিৰ অভাৱত থৰক-বৰক হৈ পৰা কাঠৰ দলংখন এসময়ত ভাগি যায় । দলংখন পুনৰ নিৰ্মাণ কৰি ৰাইজৰ সমস্যা দূৰ কৰিবলৈ বিভিন্ন পক্ষক বাৰম্বাৰ দাবী জনোৱা হৈছিল যদিও কোনো কামত নাহিল । অৱশেষত গাঁৱৰ ৰাইজে দান বৰঙণিৰে বাঁহৰ সাঁকো সাজি লয় ।

পিচে মেঘালয় পাহাৰৰ পৰা নামি অহা ধল পানীয়ে প্ৰতিবছৰে উটুৱাই নিয়ে বাঁহৰ সাঁকোখন । দুখীয়া ৰাইজে গাঁঠিৰ ধন আৰু কিমান ভাঙিব ? সেয়ে গাঁৱৰ ৰাইজে বিভিন্ন থলুৱা মাছেৰে পৰিপূৰ্ণ জিঞ্জিৰাম নৈত প্ৰতি তিনি বছৰৰ মূৰে মূৰে মাছ মাৰি সাঁকো সাজিবলৈ ধন সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু সেই সময়ত (২০১৩ চনত) গাঁওবুঢ়া ব্ৰিলিয়েণ্ট মাৰাকে স্থানীয় যুৱক খ্ৰাইবিট মাৰাকৰ সৈতে আৱিষ্কাৰ কৰে এক বিৰল পৰিঘটনা ।

গাঁওবুঢ়া ব্ৰিলিয়েণ্ট মাৰাকৰ মতে মাছবোৰে নৈখনৰ এক নিৰ্দিষ্ট স্থানত থুপ খাই থাকে । বানপানী বা পাহাৰৰ ধল আহিলেও মাছবোৰে ঠাইডোখৰ নেৰে । তেওঁ নিশ্চিত হয় যে নৈৰ বিশেষ স্থানডোখৰক থলুৱা মাছে আশ্ৰয়স্থল হিচাপে বাছি লৈছে । অকল বিভিন্ন প্ৰজাতিৰ থলুৱা মাছেই নহয়, আন আন জলজ প্ৰাণীৰো আশ্ৰয়স্থল হৈ পৰিছে বিশেষ ঠাইডোখৰ । তেতিয়াই মাছ বিক্ৰী কৰি দলং সজাৰ পৰিকল্পনা বাদ দি মাছ-কাছবোৰ সংৰক্ষণৰ বাবে স্থানীয় যুৱক খ্ৰাইবিট মাৰাকৰ সহযোগত ৰাইজক প্ৰস্তাৱ কৰিলে গাঁওবুঢ়া ব্ৰিলিয়েণ্ট মাৰাকে ।

ৰাইজমেলত ব্ৰিলিয়েণ্ট আৰু খ্ৰাইবিট মাৰাকৰ কথাত সকলোৱে হয়ভৰ দিলে । নৈখনৰ ১৯০ মিটাৰ দৈৰ্ঘ্যৰ এলেকাত মাছ মৰা সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰা হ'ল । গাঁওবুঢ়া ব্ৰিলিয়েণ্ট মাৰাককে ধৰি ক্লেৱাৰ্ড চাংমা, ব্ৰেজিল চাংমা আদি সচেতন লোকসকলৰ প্ৰচেষ্টা আৰু পৰামৰ্শ অনুসৰি ২০২২ চনত মাছৰ আশ্ৰয়স্থলৰ সমান্তৰালকৈ বকডোক গ্ৰাম্য পৰ্যটনৰ দিশত আগবঢ়াই নিবলৈ দায়িত্ব দিয়া হ'ল বকডো যুৱ সংঘক ।

আগিয়া মহাবিদ্যালয়ৰ পৰ্যটন কোষৰ ফালৰ পৰাও গাঁওখনত বিভিন্ন উন্নয়নমূলক কামৰ বাবে সহায়ৰ হাত আগবঢ়োৱা হয় । আগবাঢ়ি আহিল জিলা মীন বিভাগো । বকডো গাঁও এতিয়া পৰ্যটন থলী হিচাপে চৰ্চিত হৈ পৰিছে ।

বকডো যুৱ সংঘৰ যুৱক-যুৱতীসকলে গ্ৰাম্য পৰ্যটকক টনকিয়াল তথা অধিক আকৰ্ষিত কৰিবলৈ দিনে-নিশাই যুদ্ধকালীন তৎপৰতাৰে জিঞ্জিৰাম নৈৰ দুয়োপাৰ সজাই তোলাৰ কামত ব্ৰতী হৈ আছে । সদ্যহতে এশ নব্বৈ মিটাৰ যদিও ভৱিষ্যতে মাছ আৰু জলজ প্ৰাণী সংৰক্ষণৰ বাবে জিঞ্জিৰাম নদীখনৰ দুই কিলোমিটাৰ এলেকা সংৰক্ষিত কৰি মৎস্য চিকাৰ নিষিদ্ধ এলেকা ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে বুলি গাঁওবাসীয়ে জাপান ইণ্টাৰনেচনেল কৰ্প'ৰেচন এজেন্সিৰ সাতজনীয়া প্ৰতিনিধি দলটোৰ আগত সদৰী কৰিছে ।

লগতে পঢ়ক: মাছ-মানুহৰ প্ৰেমৰ কাহিনীৰে জনপ্ৰিয় হৈ উঠিছে আগিয়াৰ বকডো গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.