Premier League football : বাক্সাৰ প্ৰথম আন্তঃ ষষ্ঠ পৰিষদীয় প্ৰিমিয়াৰ লীগ ফুটবলত কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ জয়

By

Published : Oct 16, 2022, 7:02 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

শনিবাৰে বাক্সা জিলাৰ মুছলপুৰত চলি থকা প্ৰথম আন্তঃ ষষ্ঠ পৰিষদীয় প্ৰিমিয়াৰ লীগ ফুটবল(Premier League football) খেল বাক্সা জিলাৰ বাথৌপুৰী ক্ৰীড়া কমপ্লেক্স খেলপথাৰত অনুষ্ঠিত হয় ৷ এই খেলত কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদে(Karbi Anglong Autonomous Council) ত্ৰিপুৰা স্বায়ত্ব শাসিত জিলা পৰিষদক(Tripura Autonomous District Council) ১-০ গ’লত পৰাজিত কৰে। বিজয়ী দলৰ তিনি নম্বৰ জাৰ্চি পৰিহিত কিৰাট কিছোক শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰাৰ লগতে দহ হাজাৰ টকাৰ চেক প্ৰদান কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷ উল্লেখ্য যে প্ৰথম বাৰৰ বাবে উত্তৰ পুৰ্বাঞ্চলৰ দহটা স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত ফুটবল খেলুৱৈৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ এয়া স্বায়ত্ত্বশাসিত পৰিষদ সমুহৰ মাজত যাতে সমন্বয়ৰ বাৰ্তা আনিব পাৰে তাৰেই এক প্ৰচেষ্টা বুলি জানিবলৈ দিয়ে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.