Dhemaji Road accident : গৰু বিহুৰ দিনাই ধেমাজিত অঘটন; থিতাতে নিহত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী

By

Published : Apr 14, 2023, 10:31 PM IST

thumbnail

ধেমাজি, 14 এপ্ৰিল : গৰু বিহু আনন্দ উচাহৰ মাজতে আজি অৰ্থাৎ শুকুৰবাৰে ধেমাজি সদৰ আৰক্ষী থানাৰ অধীনৰ চমৰাজানৰ পানীতোলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Dhemaji Road accident ) ৷ এই দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী ৷ জানিব পৰা মতে, এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো ৷

এই দুৰ্ঘটনাত নিহত হোৱা যুৱতীগৰাকীৰ নাম কটন বিশ্ববিদ্যালয়ৰ জিঅ’গ্ৰাফী বিভাগৰ ছাত্ৰী চৈয়দা ৰিজৱানা য়াচমিন বুলি জানিব পৰা গৈছে ৷ নিহত চৈয়দা ৰিজৱানা য়াচমিনৰ ঘৰ যোৰহাটত ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন 2 গৰাকী ব্যক্তিও ৷ দুঘটনা পতিত হোৱা বাহন আৰু ট্ৰাকখনৰ নম্বৰ ক্ৰমে AS03H 8425 আৰু AS25CC 1853 বুলি জানিব পৰা গৈছে ৷

বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য মতে, চাৰিচকীয়া বাহনখনত থকা আহত দুই ব্যক্তিক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক : Fake currency seized : গহপুৰত জাল নোট চপোৱা মেচিনসহ আটক এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.