Jorhat porn video incident:যোৰহাট অশ্লীল ভিডিঅ’ ঘটনাৰ উচিত ন্যায় বিচাৰি পুনৰ প্ৰতিবাদত নামিল মহিলা সমাজ

By

Published : May 20, 2023, 11:17 AM IST

thumbnail

যোৰহাট, 20 মে’ : অশ্লীল ভিডিঅ’ নিৰ্মাণ ঘটনাৰ উচিত ন্যায় বিচাৰি প্ৰতিবাদত নামিল মহিলা সমাজ । যোৰহাট জিলা পশ্চিম প্ৰান্তৰ ঢেকেলীয়া গাঁৱৰ এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী সোমাই পৰিছিল অশ্লীল ভিডিঅ’ নিমাৰ্ণত আৰু সেই কাৰ্যত সহযোগ কৰিছিল জিলাখনৰ দুখন আগশাৰীৰ মহাবিদ্যালয়ৰ দুজন ছাত্ৰই (Jorhat porn video incident) । উক্ত ভিডিঅ’ নিৰ্মাণৰ কামটোত এজন ৭২ বছৰীয়া বৃদ্ধ লোকক চলনাৰে অন্তৰ্ভূক্ত কৰিছিল তেওঁলোকে ৷ তাৰ পিচতে ধন দাবীৰ মেৰপাকত সোমাই লজ্জানত হৈ বৃদ্ধ গৰাকীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰিছিল । বৃদ্ধ গৰাকীয়ে আত্মহত্যা পিছতেই অশ্লীল ভিডিঅ’ৰ নেপথ্য কাহিনী ৰাজহুৱা হৈ পৰে ।

অশ্লীল ভিডিঅ’ নিৰ্মাণৰ ঘটনাত জড়িত থকা এগৰাকী ছাত্ৰীৰ লগতে দুজন ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তাৰ পাচত তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰা হয় (Jorhat viral porn video) । আনহাতে এই ঘটনাত যুৱতী গৰাকীৰ এজন সম্বন্ধীয় ভিনিয়েক জড়িত হৈ পৰাৰ অভিযোগ আনিছিল গাঁৱৰ মহিলা সমাজে আৰু পুলিবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । সেয়েহে উক্ত ঘটনাত জড়িত থকা সম্বন্ধীয় ভিনিয়েকক গ্ৰেপ্তাৰ কৰাৰ দাবীত শুকুৰবাৰে ঢেকেলীয়া গাঁৱৰ ৰাইজে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Porn video case of Assam) ৷

অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে আৰক্ষী অধীক্ষক, দেৰগাঁৱ সমষ্টিৰ বিধায়কলৈ উক্ত ঘটনা সম্পৰ্কে তথা দোষীক উচিত শাস্তিৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে মহিলাসকলে । উল্লেখ্য যে সম্বন্ধীয় ভিনিয়েকজনে তেওঁ এই কাণ্ডত জড়িত নাই বুলি স্পষ্টীকৰণ প্ৰদান কৰিছিল এক সংবাদমেল জৰিয়তে । ধনী হোৱাৰ বাবে একাংশ মহিলাই সমাজত মোৰ ভাৱমূৰ্তি ম্লান কৰিবৰ বাবেই হেয় প্ৰতিপন্ন কৰিবলৈ এনে ধৰণৰ অপ্ৰপচাৰত লিপ্ত হৈ আছে বুলি সম্বন্ধীয় ভিনিয়েকজনে উল্লেখ কৰে । এতিয়া কোন সঁচা কোন মিছা সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব (Jorhat porn incident)।

লগতে পঢ়ক : Lakhimpur youth death news:লখিমপুৰত শৌচালয়ৰ টেংকিত কৰ্মৰত অৱস্থাত দুই যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.