ETV Bharat / state

Lakhimpur youth death news:লখিমপুৰত শৌচালয়ৰ টেংকিত কৰ্মৰত অৱস্থাত দুই যুৱকৰ মৃত্যু

author img

By

Published : May 20, 2023, 9:39 AM IST

Newly constructed toilets
দুই যুৱকৰ মৃত্যু

কাম কৰি থকা সময়ত ৰহস্যজনকভাৱে দুজন মিস্ত্ৰীয়ে প্ৰাণ হেৰুৱাৱ লগা হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে লখিমপুৰত (Lakhimpur youth death news) ৷ সবিশেষ আগলৈ-

লখিমপুৰ, 20 মে’ : লখিমপুৰত শুকুৰবাৰে বিয়লি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল দুজনকৈ যুৱকে । ঘটনাটো সংঘটিত হৈছে জিলাখনৰ হাৰমতী অঞ্চলত । নৱ নিৰ্মিত এটা শৌচালয়ৰ টেংকিত কাম কৰি থকা অৱস্থাত মৃত্যু হয় দুজন যুৱকৰ (Newly constructed toilet in Lakhimpur) ।

প্ৰাপ্ত তথ্য মতে, হাৰমতীত এটা নৱ নিৰ্মিত শৌচালয়ৰ টেংকিত সোমাই দুই যুৱ মিস্ত্ৰীৰ মৃত্যু হয় । জানিব পৰা মতে, শুকুৰবাৰে বিয়লি লখিমপুৰৰ হাৰমতী আৰক্ষী চকীৰ সমীপৰ ৫নং পট্টাৰ এটা নৱ নিৰ্মিত ঘৰৰ শৌচালয়ৰ চাটাৰিং এৰুৱাবলৈ গৈছিল যুৱ মিস্ত্ৰী দুজন । টেংকিটোৰ ভিতৰ দিশে থকা চাটাৰিং এৰুৱাবলৈ যাওঁতেই এই দুৰ্ঘটনাটো ঘটে । প্ৰথমে টেংকিটোৰ ভিতৰত সোমায় মাধৱ বৰ্মন নামৰ ২৬ বৰ্ষীয় মিস্ত্ৰীজন । টেংকিটোৰ ভিতৰ সোমোৱাৰ পাচতে তেওঁ ছটফটাবলৈ ধৰে । মাধৱৰ এনে অস্থিৰ অৱস্থা দেখি বাহিৰত থকা সাগৰ ৰায় নামৰ ১৮ বৰ্ষীয়া মিস্ত্ৰীজনে তেওঁক উদ্ধাৰ কৰিবলৈ টেংকিটোৰ ভিতৰলৈ সোমাই যায় । পিচে টেংকিটোৰ ভিতৰ সোমোৱা পাছতে সাগৰৰো একেই অৱস্থা হয় । তেওঁৱো টেংকিটোৰ ভিতৰত ছটফটাবলৈ ধৰে আৰু খন্তেক সময়ৰ ভিতৰতে দুয়োৰে মৃত্যু হয় (Two youth died in toilet tank) ।

চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু টেংকিটো ওপৰৰ পৰা ভাঙি মৃতদেহ দুটা উদ্ধাৰ কৰি সন্ধিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে । দুজনকৈ যুৱকৰ অকাল মৃত্যু হোৱা এই ঘটনাই বিভিন্ন প্ৰশ্নৰ উদয় কৰিছে । নিৰ্মিয়মান টেংকিটোৰ ভিতৰত অক্সিজেন নাপাই অথবা কিবা বিষাক্ত গেছ জমা হোৱাৰ বাবে যুৱ মিস্ত্ৰী দুজনৰ মৃত্যু হোৱা বুলি ৰাইজে অনুমান কৰিছে (Two youth died in toilet tank in Lakhimpur ) । আৰক্ষীৰ অনুসন্ধানৰ পাচতহে এই শোকাৱহ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব । উল্লেখ্য যে মৃত দুয়োজন যুৱকৰ ঘৰ পশ্চিমবংগৰ কোচবিহাৰৰ বৰচোলমাৰীত । তেওঁলোকে লখিমপুৰত থাকি নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰি আছিল ।

লগতে পঢ়ক : Criminal Activities in North Assam: আৰক্ষীয়ে কেতিয়া নিয়ন্ত্ৰণ কৰিব উত্তৰ অসমৰ অপৰাধৰ ঘাটি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.