Criminal Activities in North Assam: আৰক্ষীয়ে কেতিয়া নিয়ন্ত্ৰণ কৰিব উত্তৰ অসমৰ অপৰাধৰ ঘাটি ?

author img

By

Published : May 19, 2023, 11:05 PM IST

Criminal Activities in North Assam

উত্তৰ অসমৰ দুখন ঠাইৰ নাম সঘনে উচ্চাৰিত হয় নকল সোণ আৰু নকল টকাৰ সৰবৰাহৰ ক্ষেত্ৰত ৷ কিন্তু এই ঠাই দুখনৰ পৰা এনে অপৰাধ নিৰ্মূল কৰিবলৈ কিয় সক্ষম হোৱা নাই আৰক্ষী ? সেয়া এক ডাঙৰ প্ৰশ্ন ৷

তেজপুৰ, 19 মে' : অপৰাধৰ ৰম্যভূমি হিচাবে বিবেচিত হৈছে উত্তৰ অসমৰ কেইবাখনো ঠাই ৷ চৰ্চাৰ শীৰ্ষত লখিমপুৰৰ বঙালমৰা আৰু শোণিতপুৰৰ পাঁচমাইল ৷ এই অঞ্চলত নিতৌ পোহৰলৈ আহে অপৰাধৰ ঘটনা ৷ নকল সোণ, নকল টকা, মাৰাত্মক ড্ৰাগছ আদিকে ধৰি বহু ঘটনা ৷ অসম আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱা অপৰাধৰ ৰম্যভূমিৰ তালিকাখনত জিলিকি আছে লখিমপুৰৰ বঙালমৰা (Criminal Activities in North Assam) ৷

নাওবৈছা সমষ্টিৰ অন্তৰ্গত অন্ধকাৰজগত খ্যাত বঙালমৰা কুখ্যাত হৈ পৰিছে নকল সোণৰ পৰা নকল টকাৰ ব্যৱসায়লৈকে ৷ শেহতীয়াকৈ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাচতো চৰ্চালৈ আহিছে বঙালমৰাৰ নাম ৷ কিয়নো জোনমণি ৰাভাৰ ঘটনাৰ লগত সাঙোৰ খাই পৰা একাধিক লোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে নকল সোণৰ সৈতে, যিসমূহ অবৈধ সামগ্ৰী বঙালমৰাৰ পৰা বিভিন্ন অঞ্চললৈ সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ তদুপৰি বিগত বহু সময়ত বঙালমৰাৰ বহু নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিছে (Fake Gold Smuggling) ৷

শোণিতপুৰৰ পাঁচমাইল অঞ্চলত 18 মে'ত চাৰিদুৱাৰ আৰক্ষীয়ে প্ৰায় 1 কিলোগ্ৰাম নকল সোণ জব্দ কৰিবলৈ সক্ষম হয় আৰু এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰা এই 1 কিলোগ্ৰাম ওজনৰ সোণখিনিও লখিমপুৰৰ বঙালমৰাৰ চামচুল হক নামৰ এজন ব্যৱসায়ীয়ে সৰবৰাহ কৰিছিল (Fake Gold Seized in Sonitpur) ৷

এতিয়া কথা হ’ল এই অঞ্চলসমূহত অপৰাধৰ ঘাটিসমূহ বছৰ বছৰ ধৰি চলি আহিছে ৷ মাত্ৰ সময়ে সময়ে দুই এটা এনেধৰণৰ জব্দ কৰাৰ ঘটনা পোহৰলৈ আহে ৷ তথাপিও আৰক্ষীৰ সোপা ঢিলা কৰ্তব্যৰ সুৰুঙা লৈ অপৰাধীয়ে সৰবৰাহ কৰি গৈছে নকল টকা আৰু সোণ ৷ ইয়াৰ পাচতো এই সমূহ অপৰাধ ৰোধ কৰিবলৈ সক্ষম নোহোৱা আৰক্ষীলৈ সন্দেহৰ আঙুলি টোঁৱাইছে সচেতন জনসাধাৰণে (Fake Currency) ৷

আনহাতে মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰা হয় আন্তঃৰাষ্ট্ৰীয় বজাৰৰ জৰিয়তে ভাৰত-ম্যানমাৰৰ সীমান্তইদি ৷ মণিপুৰ-নাগালেণ্ড হৈ গোলাঘাট আৰু নগাঁৱেয়েদি উত্তৰ অসমলৈ প্ৰৱেশ কৰে এই মাৰাত্মক ড্ৰাগছ শোণিতপুৰ আৰক্ষীয়ে প্ৰায়ে কলিয়াভোমোৰা সেতুৰ তালাচী চকীত এই মাৰাত্মক ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু হেৰ'ইন ৷ অধিকাংশ সৰবৰাহকাৰীয়েই কলিয়াবৰ হৈ শোণিতপুৰত প্ৰৱেশ কৰে ৷ কিন্তু পথত আৰক্ষীৰ বিভিন্ন তালাচী চকী থকাৰ পাছতো আৰক্ষীৰ নাকৰ তলেৰেই সৰবৰাহ হৈ আছে এনেধৰণৰ আপত্তিজনক সামগ্ৰী ৷

উল্লেখযোগ্য যে, শুকুৰবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অৰক্ষীয়ে অভিযান চলাই চাৰিদুৱাৰ অকাবস্তিৰ পৰা ৰোহিত বাগাং আৰু নিমা তামাং নামৰ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । ধৃত ড্ৰাগছ সৰবৰাহকী দুটাৰ পৰা ১২ টা কন্টেইনাৰভৰ্তি ২০ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় (Drugs Seized in Sonitpur)।

লগতে পঢ়ক: Rangapara murder case: ঢেকিয়াজুলিত দিন দুপৰতে মহৰী উত্তম দাসক হত্যা, অভিযোগৰ আঙুলি নিৰঞ্জন খোদাললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.