বড়ো মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত প্ৰশ্নকাকত ছপাক লৈ সংবাদমেল

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 3:59 PM IST

thumbnail

জোনাই, ৬ জানুৱাৰী : ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ প্ৰশ্ন কাকত বড়ো মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাত যোগান ধৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে । অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়সমূহত কেবাটাও পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ লোৱা গুণোৎসৱৰ প্ৰশ্ন কাকতসমূহ বড়ো মাধ্যমৰ বিদ্যালয়ত বড়ো ভাষাত প্ৰকাশ নকৰি ইংৰাজী ভাষাত যোগান ধৰাৰ ফলত বড়ো মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি চৰকাৰৰ শিক্ষা বিভাগৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সাধাৰণ সম্পাদক বিমল মুছাহাৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

বড়ো সাহিত্য সভা জোনাই জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে, অসম চৰকাৰৰ চৰকাৰী কাৰ্যালয়ত বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃত দিয়া হৈছে যদিও বড়ো মাধ্যমৰ বিদ্যালয়ত বড়ো ভাষাৰ পাঠ্যপুথি উপযুক্ত সময়ত যোগান ধৰিবলৈ সক্ষম হোৱা নাই ৷ গুণোৎসৱৰ দৰে অনুষ্ঠানত বড়ো ভাষাৰ প্ৰশ্ন কাকতৰ অভাৱ হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি ইয়াৰ বিৰুদ্ধে তৎকালীনভাৱে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ আৰু শিক্ষা বিভাগক সংবাদমেলৰ জৰিয়তে দাবী জনায় সাধাৰণ সম্পাদকে ।

লগতে পঢ়ক : চিচিবৰগাঁৱত উপ-জিলা কাৰ্যালয় স্থাপনৰ দাবীত প্ৰতিবাদ অব্যাহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.