চিচিবৰগাঁৱত উপ-জিলা কাৰ্যালয় স্থাপনৰ দাবীত প্ৰতিবাদ অব্যাহত

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 11:14 AM IST

thumbnail

ধেমাজি,৬ জানুৱাৰী: বিগত বৰ্ষৰ ৩০ ডিচেম্বৰৰ পৰা ধেমাজিত আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত ৰাখিছে চিচিবৰগাঁও উপ-জিলা কাৰ্যালয় দাবী সমিতিয়ে ৷ শনিবাৰে গীতে-মাতে প্ৰতিবাদ শিল্পী সমাজৰ ৷ ধেমাজি জিলাৰ তৃতীয়টো সমষ্টি ৭৯ নং সংৰক্ষণমুক্ত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ প্ৰস্তাৱিত উপ-জিলা কাৰ্যালয় চিচিবৰগাঁৱৰ পৰিৱৰ্তে চিলাপথাৰত চৰকাৰে স্থাপন কৰিবলৈ বিচৰাত সমিতিয়ে ধাৰাবাহিকভাৱে এই আন্দোলন অব্যাহত ৰাখিছে ৷

চিচিবৰগাঁৱত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে চিচিবৰগাঁও উপ-জিলা কাৰ্যালয় দাবী সমিতিয়ে ৷ ধৰ্মঘটত বৃহত্তৰ চিচিবৰগাঁৱৰ বিভিন্ন দল-সংগঠনৰ উপৰি স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ বহুকেইটা সাংস্কৃতিক দলে ঘাইকৈ দিহানাম পৰিৱেশন কৰি সবল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লক্ষ্যণীয়ভাবে আন্দোলনে সপ্তম দিনত ভৰি দিয়াৰ পিছতো চৰকাৰৰ গা-নলৰাৰ বিপৰীতে প্ৰতিবাদকাৰীসকল আঁকোৰগোজ হৈ থকাত ক্ৰমাৎ উত্তপ্ত হোৱাৰ দিশে গতি কৰিছে চিচিবৰগাঁৱত উপ-জিলা কাৰ্যালয় স্থাপনৰ দাবীত ৰূপায়ণ কৰা আন্দোলনৰ কাৰ্যসূচীয়ে ৷ ইপিনে ফলাফল নোপোৱাৰ পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

লগতে পঢ়ক: বাংলাদেশত নিৰ্বাচনী হিংসা, যাত্ৰীবাহী ৰে’লত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.