Minister Jayanta Malla Baruah: "মই শক্তি বিভাগৰ মন্ত্ৰী নহয়"- বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া

By

Published : Jun 2, 2023, 9:13 PM IST

thumbnail

গুৱাহাটী, 2 জুন : বিদ্যুৎ মাচুল বৃদ্ধিৰে পুনৰ জনতাৰ মূৰত মাধমাৰ শক্তি বিভাগৰ ৷ প্ৰতি ইউনিটত 30 ৰ পৰা 70 পইচাকৈ বিদ্যুৎ মাচুল বঢ়োৱাৰ সিদ্ধান্ত APDCL ৰ ৷ অসম শক্তি বিতৰণ কোম্পানীয়ে 27 মে'ত এই সন্দৰ্ভত জাৰি কৰিছে জাননী ৷ জাননী অনুসৰি জীৱন ধাৰাৰ গ্ৰাহকে দিব লাগিব 4.35 টকাকৈ (Electricity tariff hike in Assam) ৷ 120 ইউনিট ব্যবহাৰ কৰা গ্ৰাহকে প্ৰতি ইউনিটত 5.25 টকাৰ বিপৰীতে 121 ৰ পৰা 240 ইউনিট ব্যৱহাৰ কৰা উপভোক্তাই প্ৰতি ইউনিটত 7.30 টকাকৈ, 5-30 কিলোৱাট ব্যৱহাৰ কৰা গ্ৰাহকে দিব লাগিব 8.15 টকাকৈ, বাণিজ্যিক গ্ৰাহকে 8.60 টকাকৈ দিব লাগিব মাচুল (Increase in electricity charges in Assam) ৷

বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীজনে বিষয়টোৰ অজ্ঞতা প্ৰকাশ কৰে ৷ বিদ্যুৎ মাচুল সম্বন্ধীয় সকলো কথা বিদ্যুৎ নিয়ন্ত্ৰক বোৰ্ডে নিৰীক্ষণ কৰে বুলি মন্তব্য কৰে মন্ত্ৰীজনে (Minister Jayanta Malla Baruah) ৷ লগতে তেওঁ কয় যে যদিও মানুহে ভাৱে ইয়াত চৰকাৰৰ কিবা হাত আছে, সময়ে সময়ে বিদ্যুৎ নিয়ন্ত্ৰক বোৰ্ডে এনেধৰণৰ কিছুমান সিদ্ধান্ত লয় ৷ এই সন্দৰ্ভত মোৰ বিশেষ অভিজ্ঞতা নাই ৷ মই শক্তি বিভাগৰ মন্ত্ৰী নহয় ৷ বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত মোৰ হাতত কোনো খবৰ নাই বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Electricity tariff hike in Assam) ৷

লগতে পঢ়ক: Electricity tariff hike in Assam: পুনৰ বৃদ্ধি বিদ্যুৎ মাচুল; যোৰহাটত জাঙুৰ খাই উঠিল দল-সংগঠনৰ লগতে ৰাইজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.