ETV Bharat / state

Electricity tariff hike in Assam: পুনৰ বৃদ্ধি বিদ্যুৎ মাচুল; যোৰহাটত জাঙুৰ খাই উঠিল দল-সংগঠনৰ লগতে ৰাইজ

author img

By

Published : Jun 2, 2023, 8:02 PM IST

APDCL hikes power tariff
পুনৰ বৃদ্ধি হ’ল বিদ্যুৎ মাচুল

বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যোৰহাটৰ বিভিন্ন দল-সংগঠনৰ লগতে যোৰহটীয়া ৰাইজৰ ৷ এই সিদ্ধান্তক একেমুখে ধিক্কাৰ প্ৰদান কৰিছে যোৰহটীয়া ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (APDCL hikes power tariff) ৷

বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া

যোৰহাট, 2 জুন: জনতাৰ মূৰত ৰামটাঙোন সোধাই ৰাজ্যৰ বিদ্যুৎ বিভাগে পুনৰ বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল ৷ বিদ্যুৎ বিভাগৰ এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা সাধাৰণ ৰাইজে ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দাম বৃদ্ধিয়ে কোঙা কৰা সৰ্বসাধাৰণ ৰাইজ (Public Reacts over increase in electricity charges) ৷

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে ৰাজ্যবাসীক জ্বলা-কলা খোৱাই থকাৰ সমান্তৰালকৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বিভাগৰ ৷ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰি জুনৰ মাহৰ পৰা পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰিলে এপিডিচিএলে ৷ সঘনাই বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাকলৈ এতিয়া হতাশগ্ৰস্ত হৈ পৰিছে ইতিমধ্যেই মূল্যবৃদ্ধিত জুৰুলা হৈ পৰা সৰ্বসাধাৰণ ৰাইজ (Increase in electricity charges in Assam) ৷

প্ৰাপ্ত তথ্য মতে ৰাজ্যৰ বৰ্ধিত উন্নয়নৰ স্বাৰ্থত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে বিভাগটোৱে ৷ চলিত বৰ্ষৰ জুন মাহৰ পৰা প্ৰতি ইউনিটত 30ৰ পৰা 70 পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে ৷এপিডিচিএল তথা শক্তি বিভাগে প্ৰতি ইউনিটত পুনৰ বৃদ্ধি কৰা মাচুলক লৈ জাঙুৰ খাই উঠিছে যোৰহাটৰ বিভিন্ন দল-সংগঠনৰ লগতে যোৰহটীয়া ৰাইজ ৷ এই সিদ্ধান্তক একেমুখে ধিক্কাৰ প্ৰদান কৰিছে যোৰহটীয়া ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Electricity tariff hike in Assam) ৷

এইখন চৰকাৰে হিতাধিকাৰীৰ স্বাৰ্থত তথা হিতাধিকাৰী সৃষ্টিৰ বাবে বিদ্যুত মাচুল পুনৰ বৃদ্ধি কৰিছে বুলি মন্তব্য কৰে যোৰহাটীয়া সচেতন ৰাইজে ৷ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য যিদৰে আকাশলংঘী হৈছে আৰু তাৰ সমান্তৰালভাৱে বিদ্যুৎ মাচুল বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক একপ্ৰকাৰ মাধামাৰ সোধাইছে বুলি মন্তব্য কৰে ৰাইজে (Power tariff hike in Assam) ৷

শাসনাধীষ্ঠ চৰকাৰে ক্ৰমবৰ্ধমান হাৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰি ৰাইজক জীয়াই থকাৰ পৰিৱেশৰ পৰা আতঁৰাই ৰাখিছে বুলি মত প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতি আৰু যোৰহটীয়া ৰাইজে ৷ আনহাতে শক্তিমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ স্বাৰ্থত বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে বুলি যি অদ্ভূত মন্তব্য আগৱঢ়াইছে সেয়া একপ্ৰকাৰৰ হাস্যকৰ বুলি মত প্ৰকাশ কৰিছে যোৰহাটীয়া ৰাইজে ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে চৰকাৰৰ ৰাজহ ঘাটি পূৰণ কৰিবলৈ কেইবাটাও বিভাগক বৰ্ধিত হাৰত ৰাজহ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছিল ৷ ইয়াৰ অংশ হিচাপে বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে ৰাইজে ((Assam power tariff hike) ৷

লগতে পঢ়ক: Power tariff hike: ইন্ধন তথা শক্তি ক্ৰয়ৰ নামত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি এপিডিচিএলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.