নলবাৰী অসামৰিক চিকিৎসালয় হঠাতে উপস্থিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

By

Published : Aug 28, 2022, 2:09 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এগৰাকী ৰোগীৰ আকস্মিক মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ কালি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আকস্মিকভাৱে উপস্থিত হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা (Swahid Mukunda Kakati Civil Hospital) ৷ চিকিৎসালয়খনত হঠাতে উপস্থিত হৈ তন্ন তন্নকৈ নিৰীক্ষণ কৰে চিকিৎসালয়খনৰ প্ৰতিটো কক্ষ ৷ মন্ত্ৰীগৰাকীয়ে শিশু আৰু প্ৰসূতি বিভাগ, আই চি ইউ, মেডিচিন বিভাগৰ লগতে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যৰো তদাৰক কৰে ৷ তদুপৰি চিকিৎসালয়খন সন্দৰ্ভত ৰাইজে মন্ত্ৰীগৰাকীক জনোৱা অভাৱ-অভিযোগবোৰ শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ চিকিৎসালয়খন পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক, নাৰ্ছ আৰু আন কৰ্মচাৰীসকলৰ অভাৱ-অভিযোগৰ বুজ লয় ৷ লগতে চিকিৎসক,নাৰ্ছ আৰু আন কৰ্মচাৰীসকলে কৰ্তব্য সমাপনত গাফিলতি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে (Public Health Technical Department Minister Jayanta Malla Baruah)৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.