জাতীয় যুৱ শক্তিৰ কাযনিৰ্বাহক সভা

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 8:10 PM IST

thumbnail

তিনিচুকীয়া, ১৬ ডিচেম্বৰ : শনিবাৰে তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ সভাগৃহত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় বৰ্ধিত কাযনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সভাপতি লাকীমণি বৰুৱাই সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাজু ফুকনসহ কেন্দ্ৰীয় সদস্য-সদস্যাসকল ৷

সভাখনত আগন্তুক লোকসভাৰ নিৰ্বাচনত জাতীয় যুৱ শক্তিৰ কৰণীয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে শাসকীয় চৰকাৰখনে যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যুৱ প্ৰজন্মক ললীপপ দি আহিছে তাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হৈছে বুলি সদৰী কৰে লাকীমণি বৰুৱাই ৷ বৰ্তমানৰ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে,  যুৱ শক্তি কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতিৰ বলি নহয় ৷ যুৱ শক্তিক চালিকা শক্তি হিচাপে অভিহিত কৰি প্ৰকৃতাৰ্থত এখন জাতিয়তাবাদী চৰকাৰ গঠন কৰাৰ কথা মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : ডুমডুমাত আটছাৰ 76 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.