ETV Bharat / state

ডুমডুমাত আটছাৰ 76 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 5:32 PM IST

76th foundation day of ATTSA: ডুমডুমাত অনুষ্ঠিত হ’ব অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । শুকুৰবাৰে এই অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰে আটছাৰ সভাপতি ধীৰাজ গোৱালা, ডুমডুমাৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজে ৷ সাস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে থাকিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ।

Foundation Day of ATTSA to be Held in Doom Dooma
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

আটছাৰ 76 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

তিনিচুকীয়া, 15 ডিচেম্বৰ : অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ 76 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা ইংৰাজী 27 আৰু 28 ডিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ ডুমডুমাত অনুষ্ঠিত হ’ব ৷ সংগঠনটোৰ 76 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত আজি লাইখুটা স্থাপন কৰা হয় ৷ লাইখুঁটা স্থাপন কৰে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাই ৷

ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত ডুমডুমাৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃবৰ্গৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে আজি লাইখুঁটা স্থাপন কৰা হয় এই অনুষ্ঠানৰ ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসম চাহ জনজাতি মহিলা সমিতি, আটছা তিনিচুকীয়া জিলা সমিতিৰ সহযোগত তথা ডুমডুমা শাখা সমিতিৰ আতিথ্যত 27 আৰু 28 ডিচেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ 76 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে ৷

কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিছে 76 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ উদযাপন সমিতিয়ে ৷ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত যুৱ সমাৰোহ, সাস্কৃতিক শোভাযাত্ৰা, বিভিন্ন সাস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷ ইফালে 76 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সাস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ উপস্থিত থাকি গীত পৰিবেশন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷

উল্লেখ্য যে, সংগঠনটোৰ এই বিশেষ অনুষ্ঠানৰ বাবে এতিয়া প্ৰস্তুতি পূৰ্ণ গতিত চলিছে ৷ আজিৰ লাইখুঁটা স্থাপন অনুষ্ঠানটোও বিভিন্ন ব্যক্তিৰ উপস্থিতিত ধৰ্মীয় নীতি-নিয়মেৰে, আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয় ৷

লগতে পঢ়ক : অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.