ETV Bharat / state

অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 4:13 PM IST

11th Special Annual Session of Assam Sahitya Sabha
বাৰপূজীয়াৰ পাঁচো ৰজাৰ সমন্বয় ক্ষেত্ৰ

অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন বাৰপূজীয়াত অহা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব । অসম সাহিত্য সভাৰ মৰিগাঁও জিলা সাহিত্যি সভাৰ অন্তৰ্গত বাৰপূজীয়া শতদল সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হয় লাইখুঁটা স্থাপন কাৰ্যসূচী ।

মৰিগাঁও, ১৫ ডিচেম্বৰ : বাৰপূজীয়াত অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ আয়োজন কৰা হৈছে । অহা ৩১ জানুৱাৰীৰ পৰা মৰিগাঁও জিলাৰ বাৰপূজীয়াত শতবৰ্ষই গৰকা অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশখনি চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা আজি স্থাপন কৰা হয় ।

জিলাখনৰ বাৰপূজীয়াৰ পাঁচো ৰজাৰ সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰে বিশিষ্ট শিক্ষাবিদ নৰেন্দ্ৰ নাথ কেওঁটে । এই অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মা,কোষাধ্যক্ষ মিহিৰ কুমাৰ বৰুৱা,তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ কোঁৱৰ,মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা,আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

এই অধিবেশনৰ স্থলীতেই অনুষ্ঠিত হয় এখনি বিশেষ সভা । আগন্তুক ২০২৪ বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ এই বিশেষ বাৰ্ষিক অধিৱেশনখনি । এই সভাতেই শুক্ৰবাৰে বাৰপূজীয়া অধিৱেশনৰ শীৰ্ষ গীতো মুকলি কৰা হয় ।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই লাইখুঁটা স্থাপন কৰি কয় যে এই লাইখুঁটা সমূহ অসমবাসীৰ স্বাভিমানৰ লাইখুঁটা । তেওঁ পুনৰ কয় যে এই লাইখুঁটাৰ মান এই হ'ল ঐতিহ্যমণ্ডিত বাৰপূজীয়া ৰাইজৰ । এই লাইখুটা স্থাপনৰ সাফল্য নিৰ্ণয় হ'ব ৪ ফেব্ৰুৱাৰীত যেতিয়া সাতোখন ৰাজ্যৰ অতিথিসকলে আহি হাঁহি হাঁহি বিদায় ল'ব । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে এই মৰিগাঁও অধিৱেশনত জিলাখনৰ উপৰিও নগাঁও আৰু হোজাই জিলাবাসীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে অধিৱেশনখনি বিফল হ'লেও মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰে হ'ব । গতিকে সমূহ জনগণে যাতে ইয়াৰ পৰা জাতীয় আৱেগ লৈ যাব পাৰে তাৰ সকলোৱে সহযোগিতা আগবঢ়াব লাগিব বুলি তেওঁ মন্তব্য় কৰে ।

লগতে পঢ়ক:গুৰপতৱন্ত পান্নুনক হত্যাৰ বিফল ষড়যন্ত্ৰ; নিখিল গুপ্তাৰ আবেদনৰ শুনানি ৪ জানুৱাৰীলৈ স্থগিত উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.