Japanese encephalitis: মৰাণত জাপানীজ এনকেফেলাইটিছৰ আতংক

By

Published : Aug 5, 2023, 10:59 AM IST

thumbnail

ডিব্ৰুগড়,5 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত জাপানীজ এনকেফেলাইটিছ ৰোগে লৈছে ভয়াৱহ ৰূপ । ডিব্ৰুগড় জিলাৰ মৰাণতো এই ৰোগ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে । বিগত দিনত খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চলত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত মুঠ ৭ জনকৈ লোক আক্ৰান্ত হৈছে । ইয়াৰে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে ৩ গৰাকী লোক আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৪ গৰাকী লোক ।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত কেইজন ক্ৰমে মৰাণ বামুণবাৰীৰ গঁড়পথাৰ টেঙাপানী গাঁৱৰ এজন, মৰাণ পথালিবাম গাৰিশালী চেতিয়া গাঁৱৰ এগৰাকী আৰু খোৱাং চমুৱা গাঁৱৰ এগৰাকী । খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া এম সোনোৱালে জানিবলৈ দিয়া অনুসৰি, জাপানীজ এনকেফেলাইটিত আক্ৰান্ত হোৱা তিনিগৰাকীৰ ভিতৰত ২ গৰাকী কিছু সুস্থ হৈছে যদিও এগৰাকী মহিলা এতিয়াও ডিব্ৰুগড় এ এম চিত চিকিৎসাধীন হৈ আছে । আনহাতে  ৰাইজক এই বিষয়ত সজাগ হ'বলৈ আহ্বান জনাই স্বাস্থ্য বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক:Moran State Hospital: মৰাণ ৰাজ্যিক চিকিৎসালয়ত জৰুৰীকালীন সেৱা বন্ধৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.