ETV Bharat / state

Moran State Hospital: মৰাণ ৰাজ্যিক চিকিৎসালয়ত জৰুৰীকালীন সেৱা বন্ধৰ প্ৰতিবাদ

author img

By

Published : Aug 2, 2023, 4:11 PM IST

জৰুৰীকালীন সেৱা বন্ধ হোৱাৰ পাছতে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ অৱস্থান ধৰ্মঘট ৷ মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ নিযুক্তি, জৰুৰীকালীন সেৱা বাহাল ৰখাৰ দাবী ৷

Demand for recruitment of doctor in Moran hospital
ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত ধৰ্মঘট

ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত ধৰ্মঘট

মৰাণ, ২ আগষ্ট: ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া মৰাণ নগৰত ১৯০৫ চনতে স্থাপিত মৰাণ নগৰৰ একমাত্ৰ চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক নিযুক্তি আৰু ২৪ ঘন্টাই জৰুৰীকালীন সেৱা অব্যাহত ৰখাৰ দাবীত অসমীয়া যুৱ মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পূৰ্বতে চিকিৎসালয়খনত ২৪ ঘন্টাই চিকিৎসাসেৱা উপলব্ধ আছিল যদিও ১ আগষ্টৰ পৰা চিকিৎসকৰ অভাৱত মৰাণ ৰাজ্যিক চিকিৎসালয়ত কেৱল পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বহিঃবিভাগ চলোৱাৰ লগতে জৰুৰীকালীন সেৱা কেৱল প্ৰসূতিৰ বাবেহে ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে ৷

অতি পৰিতাপৰ বিষয় যে এই চিকিৎসালয়খনত বৰ্তমান চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ পদটো খালী হৈ আছে ৷ তাৰ বিপৰীতে চিকিৎসালয়ত অস্থায়ীভাৱে নিযুক্তি দিয়া হৈছে হোমিঅ'পেথিক চিকিৎসক ডাঃ মৃদুস্মিতা ফুকনক ৷ স্বাস্থ্য বিভাগৰ এনে কাৰ্যৰ প্ৰতিবাদত বুধবাৰে অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত চিকিৎসালয়খনৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে মৰাণ ৰাজ্যিক চিকিৎসালয়খনত পর্যাপ্ত চিকিৎসক নিযুক্তি দি চিকিৎসালয়খনক কাৰ্যক্ষম কৰি তোলা, ঐতিহ্যমণ্ডিত চিকিৎসালয়খনত শীঘ্ৰে চিকিৎসক নিযুক্তি দি জৰুৰীকালীন সেৱা বাহাল ৰখাৰ দাবী জনাইছে ৷

প্ৰতিবাদকাৰীসকলে মৰাণ ৰাজ্যিক চিকিৎসালয়খনক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰি যাৱতীয় সুবিধা প্ৰদান কৰাৰ দাবী জনাই সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ আহ্বান জনাইছে । উল্লেখ্য় যে মৰাণ ৰাজ্যিক চিকিৎসালয়খনে সুদীৰ্ঘদিন অঞ্চলবাসীক সেৱা আগবঢ়াই আহিছে যদিও ২০২২ বৰ্ষৰ নৱেম্বৰৰ পৰা নৈশ সেৱা বন্ধ কৰে । কেৱল সন্ধিয়া ৮ বজালৈকেহে চিকিৎসালয়খন ৰোগীৰ বাবে খোলা ৰখা হয় ৷

বৰ্তমান সেই ব্যৱস্থাও বন্ধ কৰি কেৱল পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বহিঃবিভাগ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ক্ষুব্ধ হৈছে মৰাণবাসী ৷ ইপিনে,স্বাস্থ্য বিভাগে এখন জাননীৰ জৰিয়তে চিকিৎসকৰ নাটনিৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰাত এতিয়া ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:Poor service in Moran Hospital:মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱত বন্ধ জৰুৰী সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.