Nalbari Raas Mahotshav : ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি নলবাৰীত আয়োজন আন্তঃৰাজ্যিক বাণিজ্য মেলাৰ

By

Published : Nov 7, 2022, 8:35 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

নলবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে নলবাৰীত আয়োজন কৰা হৈছে আন্তঃৰাজ্যিক বাণিজ্য মেলাৰ (Inter State Trade Fair to be held at Nalbari Raas Mahotshav 2022) । ৮ নৱেম্বৰ তাৰিখৰ পৰা ১৯ নৱেম্বৰলৈ হ’ব লগা এই বাণিজ্য মেলাত ১১ খন জিলাৰ পৰা প্ৰায় ৫০ টা গোটে অংশ গ্ৰহণ কৰিব । এই বাণিজ্য মেলাত বাঁহ-বেট উদ্যোগৰ লগতে বহু হস্তশিল্পৰ সামগ্ৰীৰো প্ৰদৰ্শন কৰা হ’ব । ৮ নৱেম্বৰত আনুষ্ঠানিকভাৱে এই মেলা শুভ উদ্বোধন কৰিব উদ্যোগ মন্ত্ৰী বিমল বৰাই ৷ দেওবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই । উক্ত সংবাদ মেলত উপস্থিত থাকে অসম বাণিজ্য উন্নয়ন সংস্থাৰ উপাধ্যক্ষ মধুৰাম ডেকা আৰু উপ মহাপ্ৰবন্ধক চন্দন চহৰীয়াও ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.