ইন্দিৰা গান্ধীৰ জন্মদিনত বিশ্বকাপৰ ফাইনেল হোৱা বাবে ভাৰত হাৰিল; তেলেংগানাত হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:44 AM IST

thumbnail

নিউজ ডেস্ক, ২৩ নৱেম্বৰ : তেলেংগানা নিৰ্বাচনৰ বাবে প্ৰচাৰকাৰ্য তুংগত উঠিছে । ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিআৰএছ, প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি বিজেপি তথা অন্যান্য দলবোৰে মাৰাথন প্ৰচাৰ চলাই আছে । বিশেষকৈ বিজেপিৰ হেভীৱেইট নেতাসকলে ৰাজ্যখনৰ ভোটাৰক আকৃষ্ট কৰিবলৈ বিভিন্ন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি আছে ।

তাৰেই অংশ হিচাপে বৰ্তমান বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেলেংগানাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে । বুধবাৰে তেলেংগানাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এক ভাষণত পুনৰ চিৰাচৰিত ভংগীৰে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

উল্লেখ্য যে বৰ্তমান যি পাঁচখন ৰাজ্যত অনুষ্ঠিত হৈছে বা হ'বলৈ গৈ আছে আটাইকেইখন ৰাজ্যতে নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ লগতে গান্ধী পৰিয়ালক আক্ৰমণৰ মূল লক্ষ্য কৰি লৈছে । কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ বিভিন্ন দুৰ্নীতিৰ অভিযোগ আনি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে । এইবাৰ পিছে হিমন্ত বিশ্বৰ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য বেলেগ ।

এইবাৰ বিশ্বকাপ ক্ৰিকেটত ভাৰত পৰাজয়ৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰিলে গান্ধী পৰিয়ালক । ইন্দিৰা গান্ধীৰ জন্মদিনৰ দিনা ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হোৱাৰ বাবেই ভাৰত পৰাস্ত হোৱাৰ অভিযোগ আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সেয়ে ভৱিষ্যতে গান্ধী পৰিয়ালৰ সৈতে জড়িত কোনো দিনতে কোনো খেল অনুষ্ঠিত নকৰিবলৈও বিচিচিআইক আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক :ৰজা যেতিয়া বেপাৰী হয়, প্ৰজা ভিক্ষাৰী হয়; চাণক্য নীতিক সুৱঁৰিলে ৰিপুণ বৰাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.