ETV Bharat / state

ৰজা যেতিয়া বেপাৰী হয়, প্ৰজা ভিক্ষাৰী হয়; চাণক্য নীতিক সুৱঁৰিলে ৰিপুণ বৰাই

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 11:04 PM IST

এইসমূহ কৰক অমৃত কৰ নামাকৰণৰ বাবে আহ্বান জনাইছে ৰিপুন বৰাই ৷ ৰিপুণ বৰাৰ মতে অসমত এতিয়া জাতি-মাটি-ভেটিৰ কথা নাই, মামা-মামী আৰু মাটিৰ কথাহে আছে ৷

assam tmc president ripun bora
অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

গুৱাহাটী, 22 এপ্ৰিল : চৰকাৰে সামাজিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰাৰ বাবে অনুমতি আবেদন মাচুল ধাৰ্য কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে । এক সংবাদমেল সম্বোধন কৰি চৰকাৰক সমালোচনা কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

জয়ানগৰস্থিত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয়ত তৃণমূল কংগ্ৰেছে এক সংবাদমেল সম্বোধন কৰে । ৰাজ্যৰ জনসাধাৰণৰ ওপৰত জাপি দিয়া সেৱা মাচুল সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ ৰিপুন বৰাই কয়, ‘‘ এয়া চৰকাৰৰ অমৃত কৰ । ৰজা যেতিয়া বেপাৰী হয়, প্ৰজা তেতিয়া ভিক্ষাৰী হয় । জাতি-মাটি-ভেটিৰ সলনি এতিয়া মামা-মামী আৰু মাটি চলিছে । চৰকাৰখন যে ফাঁকিত চলি আছে, এতিয়া জোলোঙাৰ মেকুৰী ওলাল ।’’

ইয়াৰোপৰি ৰিপুণ বৰাই কয়, ‘‘ সভা-সমিতি পাতিলে কৰ দিব লাগিব । দুৰ্গা পূজা, বিসৰ্জন আদিৰ বাবে কৰ দি অনুমতি ল’বলগীয়া সিদ্ধান্তৰ বিৰোধিতা কৰিছিল দল-সংগঠনে । তেতিয়া চৰকাৰে এই সিদ্ধান্ত মিছা বুলি স্পষ্টীকৰণ দিছিল । কিন্ত এতিয়া প্ৰমাণিত হ’ল চৰকাৰৰ মিথ্যাচাৰ । আনকি আৰক্ষীৰো এতিয়া আন একো কাম নাইকিয়া হ'ল । এতিয়া আইন-শৃংখলা ৰক্ষা কৰি অপৰাধ হ্ৰাস কৰাৰ সলনি কৰ সংগ্ৰহ কৰাৰ দায়িত্বত থাকিব লাগিব আৰক্ষী । এয়া চৰম লজ্জাজনক কাণ্ড । যাৰ বাবে আমি চৰকাৰক ধিক্কাৰ দিছো ।’’

ইয়াৰোপৰি প্ৰতিটো কৰক অমৃত কৰ বুলি নামাকৰণৰ বাবে চৰকাৰলৈ অনুৰোধ জনায় বৰাই । ইফালে লোকসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য কৰি সভাপতি ৰিপুন বৰাই কয়, ‘‘ লোকসভা প্ৰাৰ্থীৰ ক্ষেত্ৰত সমন্বয়ৰক্ষী কমিটিয়ে সিদ্ধান্ত ল'ব । মল্লিকাৰ্জুন খাৰ্গেয়ে কেৱল কংগ্ৰেছৰ প্ৰাৰ্থী বাচনি কৰিব পাৰিব ।’’ আনহাতে তৃণমূল কংগ্ৰেছৰ পৰা আন দললৈ যোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুণ বৰাই কয়, ‘‘ বিভিন্ন দলৰ পৰা অহা-যোৱা হৈ থাকে । গণতান্ত্ৰিক দেশত ৰাজনৈতিক দলত দল বাগৰা ৰাজনীতি থাকিব ।’’

লগতে পঢ়ক : বিজেপি চৰকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈও ভয়ংকৰ : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.