ETV Bharat / state

বিজেপি চৰকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈও ভয়ংকৰ : লুৰীণজ্যোতি গগৈ

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 6:02 PM IST

Assam new tax list
ৰাজ্য চৰকাৰৰ কৰৰ বোজাৰ সন্দৰ্ভত লুৰীণজ্যোতি গগৈ

ড৹ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ইতিহাসৰ আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাবে আখ্যা লুৰীণজ্যোতি গগৈৰ ৷ কেৱল জনতাক শোষণ কৰি চৰকাৰ চলাই থকা বুলি মন্তব্য কৰি গগৈয়ে কয় যে বিজেপি চৰকাৰ ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈও ভয়ংকৰ ৷

ৰাজ্য চৰকাৰৰ কৰৰ বোজাৰ সন্দৰ্ভত লুৰীণজ্যোতি গগৈ

গুৱাহাটী, ২২ নৱেম্বৰ : ‘‘ অসমৰ ইতিহাসত আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাবে প্ৰমাণিত হ’ব হিমন্ত বিশ্ব শৰ্মা ৷ কেৱল জনতাক শোষণ কৰি টকা-পইচা লৈ চৰকাৰ চলাই আছে ৷’’ এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

মঙলবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এক তালিকাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ প্ৰকাশ হৈছে ৷ যিখন তালিকাত পূৰ্বে কোনো কালে কোনেও কল্পনা কৰিব নোৱৰা কেতবোৰ কাৰ্যসূচীত আৰোপ কৰা হৈছে অযথা কৰ ৷ ইয়াকে লৈ কেৱল শাসকীয় দল বিজপিৰ সমৰ্থকসকলৰ বাদে সকলোৱেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিৰোধিতা কৰিছে চৰকাৰে হঠাৎ গ্ৰহণ কৰা সিদ্ধান্তৰ ৷

চৰকাৰী ঘোষণা অনুসৰি সভা-সমিতি, বিহু আদি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ চৰকাৰক কৰ পৰিশোধ কৰিব লাগিব ৷ এই সম্পৰ্কত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে এইখন চৰকাৰে চামুচৰে দি এস্কেভেটৰেৰে লৈ গৈছে ৷ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানেৰে বিনোদন কৰি যোৱা ৫ বছৰত ১০৮ কোটি টকা ব্যয় কৰিছে । কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ নামত খৰচ কৰিছে কোটি কোটি টকা ।

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰখন এখন জনবিৰোধী‌ চৰকাৰ, সাধাৰণ জনতাৰ শত্ৰু বুলি আখ্যা দিয়ে লুৰীণজ্যোতি গগৈয়ে ৷ তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত জনসাধাৰণৰ ওপৰত ৫ গুণকৈ অধিক কৰ লগোৱা হৈছে । সেয়েহে এতিয়া তেওঁলোকৰ পৰিস্থিতি ভয়াবহ দিশৰ ফালে গৈ আছে ৷ লগতে তেওঁ কয় যে এতিয়া খেল মহাৰণ চলি থকাৰ সময়তো সমূহীয়া দৌৰ লগাবলৈ কৰ পৰিশোধ কৰিব লাগিব । প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈ কৰ লগাইছে চৰকাৰে ।

লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘ এটা জাতিৰ জাতীয় সভ্যতা নিৰ্মাণত ক্ৰীড়া, সাহিত্য, সংস্কৃতিৰ উপৰত নিৰ্ভৰশীল । কিন্তু চৰকাৰে তাতো কৰ লগাইছে ৷ এইবোৰেই অসমীয়াৰ সভ্যতাৰ শত্ৰু চৰকাৰ বুলি প্ৰমাণ কৰিছে । জীৱন ধাৰণৰ মানদণ্ডৰ বিৰুদ্ধে শত্ৰুৰ ৰূপত থিয় দিছে ৷

আনহাতে বিজেপি চৰকাৰক ব্ৰিটিছতকৈ ভয়ংকৰ বুলি আখ্যা দিয়ে জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে ৰাজ্যত কৰৰ সন্ত্ৰাস চলাইছে; কৃষক মুক্তি সংগ্ৰাম সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.