India Day In South Africa: দক্ষিণ আফ্ৰিকাত ইণ্ডিয়া ডে’ উদযাপন; প্ৰদৰ্শিত হ’ল বিহু

By

Published : Aug 13, 2023, 5:03 PM IST

thumbnail

তিনিচুকীয়া, ১৩ আগষ্ট : দক্ষিণ আফ্ৰিকাৰ ইণ্ডিয়া ক্লাৱৰ উদ্যোগত আৰু প্ৰৱাসী ভাৰতীয় কনচুলেট জেনেৰেলৰ সহযোগত জোহান্সবাৰ্গত বিগত বছৰৰ দৰে এইবাৰো ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভাৰতবৰ্ষৰ ‘আজাদী কী অমৃৎ মহোৎসৱ’ৰ লগত সংগতি ৰাখি শনিবাৰে ইণ্ডিয়া ডে’ উদযাপন কৰে প্ৰৱাসী ভাৰতীয়সকলে ৷ উদ্যোক্তা সকলে ইণ্ডিয়া ডে’ উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে দক্ষিণ আফ্ৰিকাৰ চহকী কলা, সংস্কৃতি প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

দক্ষিণ আফ্ৰিকাৰ অসম এছ'চিয়েচনৰ প্ৰৱাসী অসমীয়া সকলেও সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত অসমৰ সংস্কৃতি প্রদর্শনৰ বাবে ইণ্ডিয়া ডে’ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানত তেওঁলোকে মঞ্চত বিহু প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক : The Muse: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল চুটি ছবি "The Muse"

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.