Excavations in agricultural land: কলিয়াবৰত কৃষিভূমিত অবৈধ খনন দুষ্টচক্ৰৰ; ক্ষুব্ধ ৰাইজ

By

Published : Mar 20, 2023, 10:51 AM IST

Updated : Mar 20, 2023, 12:11 PM IST

thumbnail

কলিয়াবৰ, 20 মাৰ্চ : কলিয়াবৰত প্ৰাকৃতিক সম্পদৰ ধ্বংস যজ্ঞত নামি পৰিছে একাংশ দুষ্টচক্ৰ । প্ৰাকৃতিকভাৱে বৈ যোৱা এটা জুৰিক শেষ কৰি নিজৰ মুনাফা বৃদ্ধি কৰিছে এই দুষ্ট চক্ৰই । কলিয়াবৰৰ বৰভগীয়া-দাৰিগজী, দলগাঁও পথাৰৰ মাজেৰে বৈ যোৱা জুৰিটো বন্ধ কৰি তাৰ ওপৰেৰে ডাম্পাৰ, জেচিবি চলাই কৃষিভূমি ধ্বংস কৰাত উঠি পৰি লাগিছে জনৈক মদন সৎনামীৰ লগতে মাটি ব্যৱসায়ীৰ এটা দল (Illegal excavations in agricultural land) ।

উল্লেখযোগ্য যে, বাৰিষা জুৰিটোৱেদি পাহাৰৰ পানী নামি আহে । যি পানীয়ে সমগ্ৰ অঞ্চলবাসীৰে জলসিঞ্চনৰ সমস্যা দূৰ কৰি আহিছে । কিন্তু এতিয়া পাহাৰীয়া জুৰিটো বন্ধ কৰি তাৰ ওপৰেৰে মাটি কঢ়িওৱা বাহনৰ অবাধ চলাচল দেখি অতিষ্ঠ হৈ পৰিছে সচেতন লোক ৷

জানিব পৰা মতে দুষ্ট চক্ৰটোৱে জুৰিটো বন্ধ কৰি চৰকাৰী মাটিৰ লগতে সাধাৰণ কৃষক ৰাইজক মাটি ধনৰ প্ৰলোভন দেখুৱাই বৃহৎ একো একোটা পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি কৰিছে (Illegal excavations in agricultural land)। চৰকাৰী নিয়ম উলংঘা কৰি প্ৰতি ডৰা মাটিতে প্ৰায় পাঁচ-ছয় ফুটকৈ দ গাঁতৰ সৃষ্টি কৰিছে এই চক্ৰটোৱে । সাংবাদিকৰ কেমেৰাৰ সন্মুখতে এইকথা একপটে স্বীকাৰ কৰিলে তেনে এজন দুষ্কৃতিকাৰীয়ে (Excavations in agricultural land in Kaliabor) ।

খেতি মাটিৰ ওপৰৰে জেচিবি, ডাম্পাৰৰ দৌৰাত্মৰ বাবেই এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় কৃষকসকল । শীঘ্ৰে বন বিভাগৰ লগতে মহকুমা প্ৰশাসনক এই অঞ্চলটোত ডাম্পাৰ, জেচিবিৰ দৌৰাত্ম ৰোধ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় কৃষকসকলে ।

লগতে পঢ়ক : Poor condition of health center: উৱলি যোৱা বেৰ, ফুটা টিনপাতেৰে চলিছে বকোৰ স্বাস্থ্য কেন্দ্ৰ

Last Updated : Mar 20, 2023, 12:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.