Opium seized at Jonai: ডেকাপাম তিনিআলিত বৃহৎ পৰিমাণৰ কানি জব্দ

By

Published : Apr 21, 2023, 10:30 PM IST

thumbnail

জোনাই, ২১ এপ্ৰিল: নিচাজাতীয় দ্ৰব্য়ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police against drugs) । এইবাৰ চিমেন চাপৰি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ কানি (Huge quantity of opium seized at jonai) । চিমেন চাপৰি আৰক্ষী থানা অন্তৰ্গত ডেকাপাম তিনিআলিত শুকুৰবাৰে পূৱাই জব্দ কৰে বৃহৎ পৰিমাণৰ কানিসহ দুজন সৰবৰাহকাৰী ।  

জব্দকৃত কানিখিনিৰ ওজন প্ৰায় ১.৪৭৩ কিলোগ্ৰাম বুলি জানিবপৰা গৈছে । বিশেষ সূত্ৰৰ পম খেদি চিমেন চাপৰি আৰক্ষীৰ এক তহলদাৰী দলে চলাইছিল এই অভিযান । দীৰ্ঘদিনৰ পৰা অসম অৰুণাচল সীমান্তৱৰ্তী উক্ত অঞ্চলত কানি তথা বিভিন্ন অবৈধ ব্যৱসায় চলাই থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে (Two arrested with opium at Jonai) ।  

ফলত অতৰ্কিতে অভিযান চলাই ডেকাপাম তিনিআলিত বিনোদ পেগু আৰু লক্ষ্য কুটুম নামৰ দুজন লোকৰ পৰা এখন চুৰি, দুটা মোবাইল, নগদ ২০০০ টকাসহ বুজন পৰিমাণৰ কানি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । 

লগতে পঢ়ক: Protest in Cachal: প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.