Huge Quantity of Drugs seized: প্ৰায় 20 কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পিতা পুত্ৰ

By

Published : Mar 6, 2023, 12:07 PM IST

thumbnail

কলিয়াবৰ, 5 মাৰ্চ : কলিয়াবৰত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ ওঠৰ কেজি তিনিশ গ্ৰাম সন্দেহজনক হেৰইন জব্দ কৰা হৈছে কলিয়াবৰৰ জখলাবন্ধাত ৷ সন্দেহজনক হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় বিশ কোটি টকা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ (Huge Quantity of Drugs seized at Kaliabor)

গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় জখলাবন্ধাৰ আৰক্ষী নিৱেশৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ তালাচী অভিযানত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ৷ নিশা প্ৰায় 9 বজাত নাগালেণ্ডৰ পৰা এখন হোণ্ডা চিটি গাড়ীত অনা হৈছিল ড্ৰাগছখিনি । গাড়ীখনৰ নম্বৰ WB 02 AA 7211 ৷ গাড়ীখনৰ দুৱাৰৰ তলৰ অংশৰ মাজত কৌশলপূৰ্ণভাৱে লুকুৱাই অনা হৈছিল ৩৬ টা সন্দেহজনক হেৰ‘ইনৰ পেকেট (Heroin worth 20 cr seized) ৷ 

লগতে পঢ়ক : Ban on powerloom gamocha: মেচিনত তৈয়াৰী গামোচা নিষিদ্ধকৰণৰ পিচতে দুগুণ উদ্যমেৰে তাঁতশালত বহিছে শিপিনী

নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু জখলাবন্ধাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাৰ নেতৃত্বত চলা যৌথ অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ১৮ কেজিৰো অধিক হেৰ'ইন । সৰবৰাহকাৰী দুজন সম্বন্ধত পিতা-পুত্ৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে (Drugs smuggler detained)  ৷ 

তেওঁলোক দুজন ক্ৰমে বশিষ্ঠৰ ৰঞ্জিত শ্বাহ আৰু আদিত‍্য কুমাৰ শ্বাহ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ (Father son in drug trafficking at Nagaon) ৷ আৰক্ষীয়ে সৰবৰাহকাৰী দুটাক আটক কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে সোধা-পোছা (More than 20 Crores Market Price Drugs seized) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.