Ban on powerloom gamocha: মেচিনত তৈয়াৰী গামোচা নিষিদ্ধকৰণৰ পিচতে দুগুণ উদ্যমেৰে তাঁতশালত বহিছে শিপিনী

By

Published : Mar 6, 2023, 9:35 AM IST

thumbnail

যোৰহাট, 6 মাৰ্চ:  ৰাজ্য চৰকাৰে ৰাজ্যত পাৱাৰলুমৰ বস্ত্ৰ নিষিদ্ধ কৰাৰ পিচতে দুগুণ উৎসাহেৰে কাম কৰিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ শিপিনীসকলে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে তিতাবৰৰ গ্ৰামাঞ্চলৰ শিপিনী সকলো সম্প্ৰতি ব্যস্ত তাঁতশালত সপোন ৰচাত । সমাগত ৰঙালী বিহুৰ বজাৰ দখল কৰিবলৈ উঠি-পৰি প্ৰস্তুতি চলাইছে ৰাজ্যৰ শিপিনী সকলে (Powerloom gamochas ban in Assam)। 

উল্লেখ্য যে, ৰাজ্যৰ শিপিনীসকলে থলুৱা বজাৰখন লোৱাৰ ক্ষেত্ৰত পাৱাৰলুমৰ বস্ত্ৰৰ বাবে ভুগি আহিছিল বহুতো প্ৰত্যাহ্বান ৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা বয়ন সামগ্ৰীয়ে বজাৰত দপদপনি চলোৱাত লোকচানৰ মুখামুখি হৈ আহিছিল অসমৰ শিপিনীসকল ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত নিষিদ্ধ কৰিলে বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচা । বহিঃৰাজ্যৰ পৰা অহা মেচিনত তৈয়াৰী গামোচা, মেখেলা-চাদৰ আদি সমগ্ৰ ৰাজ্যত কোনো পাইকাৰী অথবা খুচুৰা ব্যৱসায়ীয়ে বিক্ৰী কৰিব নোৱাৰিব বুলি ঘোষণা কৰাৰ পিচতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ শিপিনীসকল (Assamese Weaver fight Handloom vs Powerloom) । 

লগতে পঢ়ক : Powerloom gamochas ban in Assam: অসমত নিষিদ্ধ হ'ল বহিঃৰাজ্যৰ পাৱাৰলুমৰ বস্ত্ৰ; উৎফুল্লিত ৰাজ্যৰ শিপিনী

ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পিচতে ন উদ্যমৰে কাম কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ থলুৱা শিপিনীসকলক । দুগুণ উৎসাহেৰে অসমৰ স্বাভিমান গামোচা আৰু বয়ন সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে । যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ একাংশ শিপিনীয়ে ভুলুকীচুক জনজাতি বয়ন সমবায় সমিতি তত্বাৱধানত ফুলাম গামোচা, মেখেলা-চাদৰ, টঙালি, চেলেং চাদৰ, ৰুমাল আদি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে । ৰাজ্য চৰকাৰৰ পদক্ষেপৰ শলাগ লৈ শিপিনী সকলে ৰঙালী বিহুৰ বজাৰ দখলৰ বাবে পূৰ্ণোদ্যমেৰে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে (Assam govt ban on powerloom textiles) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.