ETV Bharat / state

Powerloom gamochas ban in Assam: অসমত নিষিদ্ধ হ'ল বহিঃৰাজ্যৰ পাৱাৰলুমৰ বস্ত্ৰ; উৎফুল্লিত ৰাজ্যৰ শিপিনী

author img

By

Published : Mar 5, 2023, 8:34 AM IST

ৰাজ্যত বন্ধ হ’ব পাৱাৰলুমৰ বস্ত্ৰ ৷ এই ঘোষণাত উৎফুল্লিত হৈ দুগুণ উৎসাহেৰে কামত মনোনিৱেশ কৰিছে টিংখাঙৰ শিপিনী সকলে (Powerloom gamochas ban in Assam) ৷

powerloom textiles banned in Assam
ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি শিপিনীসকলৰ

ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি শিপিনীসকলৰ

ডিব্ৰুগড়, 5 মাৰ্চ : অসমৰ জীয়ৰী-বোৱাৰীয়ে তাঁতশালতে সপোন ৰচে বুলি এষাৰ কথা আছে ৷ অৱশ্যে পৰিৱৰ্তিত সময়ৰ লগে লগে এইক্ষেত্ৰত যথেষ্ঠ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা বয়ন সামগ্ৰীয়ে বজাৰ দখল কৰাত প্ৰত্যাহ্বানৰ মুখামুখি হৈছে ৰাজ্যৰ শিপিনীসকল ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজ্যত নিষিদ্ধ হ’ল বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচা (Powerloom gamochas ban in Assam) ।

এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা অহা মেচিনত তৈয়াৰী গামোচা, মেখেলা-চাদৰ আদি অসমত বিক্ৰী কৰিব নোৱাৰিব কোনো পাইকাৰী অথবা খুচুৰা ব্যৱসায়ীয়ে (Assamese Weaver fight Handloom vs Powerloom) । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিচতে উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে থলুৱা শিপিনীসকলক । উল্লেখ্য যে, পাৱাৰলুমৰ বস্ত্ৰ নিষিদ্ধ হোৱাৰ লগে-লগে তাঁতশালত বোৱা অসমীয়াৰ স্বাভিমান গামোচা, মেখেলা চাদৰৰ লগতে বিভিন্ন বয়ন বস্ত্ৰৰ গুৰুত্ব বাঢ়িব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যৰ শিপিনীসকলে ।

অসমীয়াৰ আদৰৰ ৰঙালী বিহুলৈ মাজত কিছুদিন থকাৰ সময়তে এই খবৰ লাভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিপিনীসকলৰ লগতে এতিয়া দুগুণ উদ্যমেৰে তাঁতশালত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে টিংখাঙৰ একাংশ শিপিনীক । টিংখাঙৰ শ’লগুৰি টিপমীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আজিজবাগ চিলিং গ্ৰান্ট গাঁৱৰ শিপিনীসকল ব্যস্ত হৈ পৰিছে ফুলাম গামোচা, মেখেলা-চাদৰ, টঙালি, চেলেং চাদৰ, ৰুমাল আদি তৈয়াৰ কৰাত । গাঁওখনৰ 'পঞ্চজ্যোতি' আত্মসহায়ক গোটৰ অধীনত 15 গৰাকী মহিলা এতিয়া সাজু হৈছে ৰঙালী বিহুৰ বজাৰ দখলৰ বাবে (Assam govt ban on powerloom textiles) ।

ইতিমধ্যে ভালে সংখ্যক গামোচা, মেখেলা-চাদৰ আদি বৈ উলিয়াইছে এইসকল শিপিনীয়ে । আগন্তুক ৰঙালী বিহুৰ পূৰ্বে ফুলাম গামোচাসমূহ ন্যূনতম 200 টকা আৰু মেখেলা চাদৰৰ যোৰা প্ৰায় 1000 টকাকৈ বিক্ৰী কৰিব বুলি জানিবলৈ দিছে শিপিনীসকলে । উল্লেখযোগ্য যে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত তথা টিংখাং উন্নয়ন খণ্ড অভিযান পৰিচালনা গোটৰ সৌজন্যত 2020 চনত প্ৰতিষ্ঠা হৈছিল ‘‘দৰিকা গ্ৰাম্য সংগঠন’’ৰ ।

এই দৰিকা গ্ৰাম্য সংগঠনৰ তত্ত্বাৱধানত আছে 25 টা আত্মসহায়ক গোট । এইসমূহ আত্মসহায়ক গোটৰ শতাধিক মহিলাই বস্ত্ৰ শিল্পৰ যোগেদি ইতিমধ্যে নিজকে কিছু পৰিমাণে হ'লেও স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত প্ৰকৃতাৰ্থত কাৰ্যকৰী হ'লে অসমৰ শিপিনী সকল যথেষ্ট পৰিমাণে লাভাম্বিত হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে শিপিনীসকলে ।

লগতে পঢ়ক : Assam government failed to spend schemes funds: ব্যয় নহ'ল ২০২২ ২৩ বৰ্ষৰ বাজেট আৱণ্টিত বহু ধ্বজাবাহী আঁচনিৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.