Poor bridge in Nalbari: নলবাৰীৰ লখোপুৰত ভঙা দলঙৰ ওপৰেৰে ৰাইজৰ বিপদসংকুল যাতায়ত

By

Published : Jun 15, 2023, 4:54 PM IST

thumbnail

নলবাৰী, 15 জুন: নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত লখোপুৰৰ এখন ভঙা দলঙে বিপদ মাতিছে কেইবাখনো গাঁৱৰ ৰাইজলৈ ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টি ধৰ্মপুৰৰ লখোপুৰত থকা উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়লৈ যোৱা মূল পথৰ ওপৰতে আছে এইখন দলং ৷  

দলঙখনৰ দুয়োটা মূৰ খহি যোৱাত এতিয়া ৰাইজে অতি বিপদসংকুলভাৱে যাতায়ত কৰিব লগীয়া হৈছে ৷ ইয়াৰ পিছতো ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আজিলৈ দলঙখনৰ প্ৰতি সু-দৃষ্টি নপৰিল ৷ ৰাইজৰ ক্ষোভ স্থানীয় পঞ্চয়ত প্ৰতিনিধিয়েও দলঙখনৰ নিৰ্মাণৰ ক্ষেত্ৰত কিম্বা ৰাইজক বিপদৰ পৰা ৰক্ষা পৰাকৈ কোনো বিকল্প দলং এখনৰো ব্যৱস্থা কৰি নিদিলে এবছৰে ৷  

উল্লেখযোগ্য যে , মহাবিদ্যালয়খনলৈ যোৱা মূল পথটোত থকা দলংখনৰ দুয়োটা মূৰৰ অধিকাংশ বিগত বৰ্ষৰ বানে খহাই নিছিল ৷ অৱশ্যে তাৰ মাজতে বিগত কেইবামাহো ধৰি বিপদসংকুলভাৱে পাৰ হৈ আছিল যাতায়ত কৰা চাৰিচকীয়া বাহনসমূহ ৷ কিন্তু শেহতীয়াকৈ প্ৰায় সম্পূৰ্ণ ৰূপে দলংখনৰ এটা মূৰ খহি যোৱাত বন্ধ হৈ পৰিছে চাৰিচকীয়া বাহনৰ যাতায়ত ৷ ফলত দুৰ্ভোগৰ সন্মূখীন হ’বলগীয়া হৈছে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ ৷ সম্প্ৰতি অতি বিপদসংকুলভাৱে পাৰাপাৰ হৈ আছে দুচকীয়া বাহন ৷ ফলত যিকোনো মূহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰিছে ৰাইজে ৷ সেয়েহে অতি শীঘ্ৰেই দলংখন পুনৰনিৰ্মানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Gohpur State veterinary hospital: গহপুৰৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ ৰূপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.