Gohpur State veterinary hospital: গহপুৰৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ ৰূপ

By

Published : Jun 15, 2023, 3:38 PM IST

thumbnail

বিশ্বনাথ, 15 জুন: গহপুৰ নগৰৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ ৰূপ ৷ চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীৰ বাবে নাই আবাস গৃহ ৷ জৰাজীৰ্ণ চিকিৎসালয়তেই পশুক চিকিৎসা প্ৰদান কৰিব লাগে চিকিৎসকে ৷ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী চাহ জনজাতি ছাত্ৰ সন্থাৰ  ৷

ৰাজ্যিক পশু চিকিৎসালয়খনখনত চিকিৎসক থকাৰ কোনো ব্যৱস্থা নাই ৷ পুৰণি আবাসবোৰো জহি-খহি গৈছে ৷ যাৰ ফলত পশু চিকিৎসা কৰিবলৈ অহা পশুধনৰ গৰাকী অসুবিধাৰ সন্মুখীন হয় ৷ ৰাজ্যত লাম্পীয়ে কাল ৰূপ ধাৰণ কৰাৰ সময়ত পশু চিকিৎসালয়খনৰ এই অৱস্থাই হতাশগ্ৰস্ত কৰি তুলিছে পশুপালকক ৷

এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক অতি শীঘ্ৰেই এই চিকিৎসালয়ত পশু চিকিৎসক, কৰ্মচাৰীক ওচৰতে পোৱাকৈ ব্যৱস্থা কৰি দি জনসাধাৰণক সকাহ দিবলৈ দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: Allegation against Agricultural dept: গুদামতেই নষ্ট হ'বলৈ ধৰিছে কৃষকৰ বাবে আবন্টিত সাৰ আৰু বীজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.