Drive against drugs in Nagaon: লক্ষ্মীনগৰ চাৰিআলিৰ পৰা জব্দ প্ৰায় ১ লাখ টকাৰ ব্ৰাউন চুগাৰ

By

Published : Aug 9, 2022, 9:53 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

মঙলবাৰে নগাঁৱৰ লক্ষ্মীনগৰ চাৰিআলিৰ কেৰেলাৰ বাছ আস্থানত আৰক্ষীৰ অভিযান (Drive against drugs in Nagaon) । আৰক্ষীৰ অভিযানত বাছ আস্থানৰ টিকট কাউণ্টাৰৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ (Huge amount of drugs seized in Nagaon) । জব্দকৃত নিচাজাতীয় দ্ৰব্যখিনি নিশা কেৰেলালৈ নিয়াৰ পৰিকল্পনাৰে কোনো সৰবৰাহকাৰীয়ে চাবোনৰ বাকচত লুকুৱাই থৈ গৈছিল । কিন্তু আৰক্ষী অহাৰ উমান পাই বাছ আস্থানটোৰ কৰ্মচাৰীসকলে সেই স্থানৰ পৰা পলায়ন কৰে । জব্দ হোৱা ব্ৰাউন চুগাৰ খিনিৰ মূল্য প্ৰায় ১ লাখ টকা হ’ব বুলি সদৰী কৰিছে নগাঁৱৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীয়ে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.